• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিয়া মিৰ্জা আৰু ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে তেলেংগানা চৰকাৰৰ পদক্ষেপ! উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰশাসন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 10:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদৰ কাঞ্চা গাচিবৌলিৰ ৪০০ একৰ মাটিৰ ঘটনাক লৈ বৰ্তমান বিতৰ্ক তুংগত। গৃহহীন জীৱ-জন্তু আৰু চৰাইবোৰ দেখি সকলোৱে কাতৰ হৈ পৰিছে। তাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল। তাৰ ভিতৰত আছিল কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত কিছুমান ছবি আৰু ভিডিঅ’। যাক লৈ এইবাৰ তেলেংগানা চৰকাৰ সক্ৰিয় হৈ পৰিছে।

মুখ্যমন্ত্রীৰ কার্যালয়ৰ সূত্রৰ পৰা জানিব পৰা মতে, এআইৰ সৈতে নির্মিত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে অভিনেত্ৰী দিয়া মির্জা আৰু ইউটিউবাৰ ধ্রুৱ ৰাথীৰ বিৰুদ্ধে প্রশাসনে ব্যৱস্থা ল’বলৈ ওলাইছে৷ ‘ভুল তথ্য’ প্ৰচাৰ কৰাৰ অভিযোগৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Apply Now

সোমবাৰে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আইন মতে মাটিখিনি তেওঁলোকৰ বুলি দাবী কৰে। সেই ৪০০ একৰ ভূমিৰ ঘটনাক লৈ চলি আছে ভুৱা অপপ্ৰচাৰ। একাংশ লোকে AI ব্যৱহাৰ কৰি ছবি আৰু ভিডিঅ’ বিয়পাইছে। এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হৈছে।

এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰেভন্ত ৰেড্ডীয়ে নিজেই সৰৱ হৈছে। তেওঁৰ ভাষাত এআই ভিত্তিক ‘মিছা ভিজুৱেল’ বিয়পাই দিয়াটো এক গুৰুতৰ অপৰাধ। এই বিভ্ৰান্তিকৰ তথ্যই সমস্যাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে এই ভূমি হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সংলগ্ন অঞ্চলত অৱস্থিত। যদিও চৰকাৰে এই ভূমি তেওঁলোকৰ বুলি কৈছে, তথাপিও হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এইখন বিশ্ববিদ্যালয়ৰ অধীনস্থ বনভূমি বুলি দাবী কৰিছে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সংসদৰ নেতৃত্বত যোৱা সপ্তাহত এক প্ৰতিবাদী আন্দোলন আৰম্ভ হৈছিল আৰু আৰক্ষীয়ে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক লাঠিৰে প্ৰহাৰ কৰি অঞ্চলটোৰ পৰা খেদি পঠিয়াইছিল। তাকলৈও কম বিতৰ্ক হোৱা নাছিল। সম্প্ৰতি সমগ্ৰ বিষয়টো তেলেংগানা উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰাৰ পিছতে এই বিষয়ত টুইটাৰযোগে চৰকাৰক সমালোচনা কৰে অভিনেত্ৰী দিয়া মিৰ্জাই। তেওঁ প্ৰশ্ন কৰে, “গছবোৰো নকল নেকি?” ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়েও পৰিৱেশ ধ্বংসৰ চিত্ৰ অংকন কৰি এটা ভিডিঅ’ মুকলি কৰে।

উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে বিগত পাঁচ বছৰত অঞ্চলটোত ব্যাপক বনাঞ্চল ধ্বংস হৈছে। কিন্তু চৰকাৰে কয় যে কিছুমান ভিজুৱেল ‘আউট অৱ কনটেক্সট’ ব্যৱহাৰ কৰি আৰু কন্টেন্টত এআই ব্যৱহাৰ কৰি জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd