NORTHEAST NOW (Assamese)

শিৱসাগৰতো নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা বন্ধ সৰ্বাত্মক

September 10, 2018 2:54 pm · পাৰ্শ্বজ্যোতি গগৈ

নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধত শিৱসাগৰতো স্তব্ধ হৈ পৰে জনজীৱন।

ভাৰত বন্ধ উপলক্ষে জিলাখনৰ প্ৰায়বোৰ দোকান পোহাৰ, স্কুল কলেজ, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান বন্ধ থকাৰ লগতে চৰকাৰী-বেচৰকাৰী যানবাহনৰ চলাচলো শূন্য হৈ পৰে। আনকি চৰকাৰী কাৰ্যালয়তো কৰ্মচাৰীৰ উপস্থিতি নগন্য হোৱা দেখা যায়।

নিখিল ভাৰত কংগ্ৰেছে আজি সমগ্ৰ দেশজুৰি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ৰাফেল কেলেংকাৰীৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছিল।

আজি পুৱাই শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে শিৱসাগৰৰ নগৰৰ বিভিন্ন স্থান টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ সফল কৰিবলৈ পুৱাই ওলায় অহে শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন  বিধায়ক সুশান্ত বৰগোঁহাই, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মঞ্জীৰ গগৈ, যুৱ নেতা প্ৰমীৰ গগৈ, শুভ্ৰমিত্ৰ গগৈ কে ধৰি শতাধিক কংগ্ৰেছী নেতা কৰ্মীক আৰক্ষীয়ে আটক কৰে।

ইফালে কালি অৰ্থাৎ ৯ ছেপ্টেম্বৰৰ সন্ধিয়া  ৬.৩০ বজাত শিৱসাগৰ জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ দ্বাৰা মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু ভাৰত বন্ধ সফল কৰিবলৈ জনসাধাৰণক আহ্বান জনাই নগৰৰ মাজত এক জোঁৰ সমদল বাহিৰ কৰা হৈছিল।

Related News