সোমবাৰে পুৱতি নিশা ওড়িশাৰ কটকত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। শ্ৰী ৰামচন্দ্ৰ ভঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়। জানিব পৰা মতে, এই ঘটনাত কমেও ১০ জন ৰোগী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়েও এই অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰিছে।
সূত্ৰ অনুসৰি, চৰকাৰী চিকিৎসালয়খনৰ ট্ৰমা কেয়াৰ বিভাগত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিপৰ্যয়ৰ সৃষ্টি হৈছে। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে আই চি ইউৰ এয়াৰ কণ্ডিচনাৰ চিষ্টেমত শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হ’ব পাৰে।
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩ বজাত ট্ৰমা কেয়াৰ ইউনিটৰ দ্বিতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয়। তাত কেইবাজনো সংকটজনক ৰোগী চিকিৎসাধীন হৈ আছিল। অলপ সময়ৰ ভিতৰতে আই চি ইউ ৱাৰ্ডটো ঘন ধোঁৱাই আৱৰি ধৰাত মানুহৰ মাজত আতংক বিয়পি পৰে।
চিকিৎসালয়ৰ কৰ্মচাৰী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষিপ্ৰতাৰে ৰোগীসকলক উলিয়াই আনিছিল যদিও গভীৰ ধোঁৱা আৰু জুইৰ তীব্ৰতাই সংকটজনক অৱস্থাত থকা কেইবাজনো ৰোগীৰ দেহত গুৰুতৰ প্ৰভাৱ পেলাইছিল। ফলত একাংশ ৰোগীৰ মৃত্যু হয়।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ১০ জন ৰোগীৰ মৃত্যু হৈছে আৰু বহু ৰোগীক উদ্ধাৰ কৰি নিৰাপদ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে। পুৱা স্থানীয় সূত্ৰই জনোৱা মতে বৰ্তমান চিকিৎসালয়খনৰ জুই নিৰ্বাপনৰ বাবে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে কাম কৰি আছে।
আনহাতে, অগ্নিকাণ্ডৰ খবৰ পাই ততাতৈয়াকৈ চিকিৎসালয়লৈ যায় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী। তেওঁ মৃত ৰোগীসকলৰ পৰিয়ালৰ লগতে অগ্নিদগ্ধ লোকসকলকো সাক্ষাৎ কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত উদ্ধাৰ কাৰ্যৰ পৰ্যালোচনাৰ বাবে ওড়িশাৰ স্বাস্থ্য সচিব অশ্বতী এছ, কটক জিলা উপায়ুক্ত দত্তত্ৰায় ভৌচাহেব শিণ্ডে আৰু কটকৰ ডিচিপি ঋষিকেশ খিলাৰীও চিকিৎসালয়ত উপস্থিত হয়। ঘটনাস্থলীত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছে। ঘটনা সন্দৰ্ভত পূৰ্ণাংগ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে।





