• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

উত্তৰ অসমৰ কেইবাটাও সীমান্ত অঞ্চলত বুধবাৰৰ পৰা অসমৰ সংগঠনসমূহে অৰ্থনৈতিক অৱৰোধ আৰোপ কৰিছে।

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় by অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
August 13, 2026 5:33 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হোৱাৰ পিছতে লিকাবালিৰ সমীপত অসম-অৰুণাচল প্ৰদেশ সীমান্তত উত্তেজনা বিৰাজ কৰে।

সূত্ৰই জনোৱা মতে, আন্তঃৰাজ্যিক সীমান্তৰ সমীপত অৰুণাচল প্ৰদেশৰ দুস্কৃতিকাৰীয়ে প্ৰতিবাদকাৰীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ পিছত অসম আৰক্ষীয়ে চাৰি ৰাউণ্ড গুলীচালনা কৰে।

Apply Now

এক সূত্ৰই জনোৱা মতে, ‘কোনো লোক আহত হোৱাৰ খবৰ পোৱা হোৱা নাই। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।

উত্তৰ অসমৰ কেইবাটাও সীমান্ত অঞ্চলত বুধবাৰৰ পৰা অসমৰ সংগঠনসমূহে অৰ্থনৈতিক অৱৰোধ আৰোপ কৰিছে।

সোমবাৰে সীমান্তৰ মিংমাং বডোটি অঞ্চলত অসমৰ গাঁৱৰ ১১ জন লোক গুলীচালনাত আহত হোৱাৰ প্ৰতিবাদত বুধবাৰে ধেমাজি জিলাত অসমৰ মিছিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠন টাকাম মিছিং পোৰিন কেবাঙে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায়।

অৰুণাচল প্ৰদেশৰ লোকে অসমে দাবী কৰা মাটি দখল কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি শৰ্মাই কয়, “অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমাৰ বহু উৰ্দ্ধত এটা বন্ধন আছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ মানুহে ভাই-ভনী হিচাপে জীয়াই আছে, প্ৰেম, মৰম আৰু পাৰস্পৰিক সন্মানেৰে বান্ধ খাই আছে।”

তেওঁ কয়, ‘শেহতীয়া বছৰবোৰত আমি আমাৰ সীমান্তৰ অধিকাংশ মতানৈক্য আলোচনা আৰু বন্ধুত্বৰ জৰিয়তে সমাধান কৰিছো। মাত্ৰ ৫২খন গাঁও বাকী আছে, আৰু দুয়োখন চৰকাৰে একে মনোভাৱেৰে আলোচনা অব্যাহত ৰাখিব যাতে বিবাদ সম্পূৰ্ণৰূপে সমাধান কৰিব পাৰে।’

তেওঁ লগতে কয়, ‘অসম আৰু অৰুণাচলৰ জনসাধাৰণক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছো, সীমাৰেখাই হয়তো আমাৰ ৰাজ্যসমূহ সংজ্ঞায়িত কৰিব পাৰে, কিন্তু ই আমাৰ হৃদয় কেতিয়াও বিভাজিত কৰিব নোৱাৰে।”

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও শৰ্মাৰ এই বক্তব্যক আদৰণি জনায়।

এক্সত খাণ্ডুৱে লিখিছে, ‘অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa Ji ডাঙৰীয়াৰ ইতিবাচক আৰু আশ্বস্ত কৰা বক্তব্যক মই আন্তৰিকতাৰে আদৰণি জনাইছো। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ইতিহাস, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ গভীৰ বান্ধোন আছে। আমাৰ মতানৈক্য সদায় আলোচনা, পাৰস্পৰিক বুজাবুজি আৰু শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰিব লাগিব।’

তেওঁ লগতে কয়, “অসম আৰু অৰুণাচল প্ৰদেশ উভয়ৰে ৰাইজক শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মান বজাই ৰাখিবলৈ আহ্বান জনাইছো। আহক মতানৈক্যক আমি আমাৰ জনসাধাৰণক একত্ৰিত কৰা শক্তিশালী বান্ধোনক ছাঁ পেলাবলৈ নিদিওঁ।”

খাণ্ডুৱে লগতে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা (আপছু)ৰ সৈতে অসম সীমান্তৰ সমীপৰ হিমে গাঁৱত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হোৱাৰ লগতে গালো কল্যাণ সমিতি, গালো ছাত্ৰ সন্থা আৰু ডোলোক বাংগো কল্যাণ সমিতিৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱা বুলিও জানিবলৈ দিয়ে।

‘খণ্ডুৱে কয়, অগ্ৰাধিকাৰ দিয়া হৈছে আলোচনাৰ জৰিয়তে অতি সোনকালে স্বাভাৱিক অৱস্থা ঘূৰাই অনা। শান্তি বজাই ৰখা আৰু পাৰস্পৰিক বিশ্বাস বজাই ৰখাৰ বাবে সংশ্লিষ্ট সকলো পক্ষক জড়িত কৰা হৈছে।’

গুলীত আঘাতপ্ৰাপ্ত ১১ জন ব্যক্তিৰ আটাইকেইজন ব্যক্তি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে।

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm
লালকিল্লা বিস্ফোৰণৰ আঁৰত আছিল আল কায়দা! ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

লালকিল্লা বিস্ফোৰণৰ আঁৰত আছিল আল কায়দা! ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

August 13, 2026 4:57 pm
পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলক আক্ৰমণ

পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলক আক্ৰমণ

August 13, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd