NORTHEAST NOW (Assamese)

জুৰীয়াৰ তিনিচুকীয়াৰ কাৱৈমাৰী মুক্তাৱ বিদ্যালয়ত ভেকচিনক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট, আহত বহু জন

July 24, 2021 3:33 pm · ৰিদিপ শৰ্মা

জুৰীয়াৰ তিনিচুকীয়াৰ কাৱৈ মাৰি মুক্তাৱ বিদ্যালয়ত ভেকচিনক কেন্দ্ৰ কৰি সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ।

ভেকচিন লোৱাক লৈ যেন অঘোষিত প্ৰতিযোগিতাহে পাতিছে ,কোনে আগত ভেকচিন ল’ব পাৰে।

ভেকচিনৰ কুপনৰ বাবেই গাঁতে গা লগাই শাৰীত ৰৈ থকা একাংশ কাণ্ড জ্ঞানহীন লোকৰ মাজত লাগিল প্ৰচণ্ড মাৰপিট ।

কোনে কাক মাৰিছে কোনেও নাজানে । কোনোবাই যদি খাইছে লাথ তেন্তে কোনোবাই ঔকিল নাইবা কোনোবাই খাইছে প্ৰচণ্ড ঘোচা ।

গুৰুতৰ ভাবে আহত এগৰাকী মহিলা সহ নবী হুছেইন নামৰ এজন লোক। চাৰিওফালে সৃষ্টি হ’ল এক অভাৱনীয় পৰিৱেশ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হ’ল আৰক্ষী বাহিনী,তাৰ পিছতেই পৰিস্থিতি কিছু শাম কাটে। এতিয়া প্ৰশ্ন হয় এইসকলকাণ্ডজ্ঞানহীন লোকক কোনে বুজাব..এওঁলোকে ভেকচিন ল’বলৈ যায় নে কভিড বিলাবলৈ যায়…?

Related News