DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চেঁপা উত্তেজনাত উখৰুল, চিহাইত মুখামুখি এন এচ চি এন-আই এম, আছাম ৰাইফলছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 5:08 pm
Tension grips Sihai as troops march close to NSCN (IM) Southern Command

খামাচ’ম গাঁৱত দেওবাৰে আছাম ৰাইফলছৰ জোৱান।

1.5k
VIEWS
Share on FacebookShare on Twitter

এন এচ চি এন-আই এমৰ চাউদাৰ্ন কমান্দ উৎখাতৰ চেষ্টা কৰা আছাম ৰাইফলছৰ সৈতে নাগা আৰ্মিৰ মুখামুখি যুদ্ধৰ উপক্ৰম হোৱাত দেওবাৰে চেঁপা উত্তেজনাই আৱৰি ধৰে মণিপুৰৰ উখৰুল জিলাৰ চিলাইৰ এখন ক্ষুদ্ৰ গাওঁ।

চিলাইৰ খামাচ’ম গাঁৱত সংঘৰ্ষ উন্মুখ আছাম ৰাইফলছ আৰু নাগা আৰ্মিক শেষ মুহূৰ্তত শান্ত কৰিবলৈ সক্ষম হয় ঘটনাস্থলীত উপস্থিত হোৱা তাংখুল ফ্ৰন্তেল অৰ্গেনাইজে’চনৰ নেতাসকল।

তাংখুল নেতৃত্বৰ হস্তক্ষেপত গাওঁখন এক নিশ্চিত ৰক্তাক্ত সমুখ সমৰৰ পৰা কথমপি ৰক্ষা পৰিলেও এতিয়াও অঞ্চলটোত শাম কটা নাই উত্তেজনা।

এক সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে, গাওঁবাসীয়ে গীৰ্জাত কটোৱা “পবিত্ৰ” দেওবাৰৰ পুৱাই এলেকাটোত আছাম ৰাইফলছৰ সেনা সঞ্চালন দেখি স্থানীয় লোকসকল উদ্বিগ্ন হৈ পৰে আৰু দেখে যে ৰাইফলছৰ জোৱানসকলে অঞ্চলটোত উৎখাতৰ প্ৰস্তুতি চলাইছে এন এচ চি এন-আই এমৰ শিবিৰ— যাৰ নিশ্চিত পৰিণতি আছিল এক ৰক্তক্ষয়ী যুদ্ধ।

Tension grips Sihai as troops march close to NSCN (IM) Southern Command

বহুমূলীয়া শান্তি প্ৰক্ৰিয়া বিনষ্ট কৰিব পৰা ৰক্তপাতৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে গাঁৱৰ বৰমূৰীয়াসকলে ততাতৈয়াকৈ হস্তক্ষেপ কৰে।

আছাম ৰাইফলছৰ সেনা সঞ্চালনৰ কথা নিশ্চিত কৰিছে উখৰুলৰ আৰক্ষী অধীক্ষক নিংচেন ৱৰংগামে।

ৱৰংগামে জনায় যে চিহাইৰ আশে-পাশে সশস্ত্ৰ বিদ্ৰোহীৰ চালচলনৰ নিশ্চিত খবৰ তেওঁলোকৰ হাতত আছে আৰু অঞ্চলটোৰ পৰা তেওঁলোকক উৎখাতৰ চেষ্টা চলোৱা হৈছে।

“পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন, গাওঁবিলাকত এতিয়া কোনো উত্তেজনা নাই,” ৱৰংগামে জনায়।

ঘটনাটোক লৈ এন এচ চি এন-আই এমে এতিয়াও বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও সচকিত হৈ আছে গাওঁবাসী।

নৰ্থ ইষ্ট নাও-এ বহুবাৰ যোগাযোগৰ চেষ্টা কৰিছে যদিও অঞ্চলটোত সেনা সঞ্চালন সন্দৰ্ভত আছাম ৰইফলছৰ জ্যেষ্ঠ বিষয়াৰ মন্তব্য এতিয়ালৈকে জানিব পৰা হোৱা নাই।

চিলাই উখৰুল জিলাৰ উত্তৰ-পূব কোণত আৰু ই ম্যানমাৰৰ নিচেই কাষত। ই উখৰুল চহৰৰ পৰা ৩৭কিঃ মিঃ উত্তৰে আৰু ইয়াক আংশিকভাৱে ১৫০নং ৰাষ্ট্ৰীয় পথে চুই গৈছে।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd