৬০০ বছৰ পুৰণি পিৰানা দৰগাহত আক্ৰমণ, শিলগুটি নিক্ষেপ : ৩৭ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৱা ৭ মে’ত আহমেদাবাদত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে নিশা দুটা গোটৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষৰ সময়তে একাংশ লোকে আহমেদাবাদৰ ঐতিহাসিক পিনাৰা মন্দিৰলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে দৰগাহটো ভাঙি লণ্ড-ভণ্ড কৰে।

উল্লেখ্য যে পিৰানা দৰগাহত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই উপাসনা কৰে। যাৰ বাবে দেশৰ ভিতৰতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে এই স্থানৰ বিশেষ গুৰুত্ব আছে।

আহমেদাবাদৰ আৰক্ষী অধীক্ষক ওম প্ৰকাশ জাটৰ মতে, এটা দলে দৰগাহটো ভাঙি পেলোৱাৰ উপৰিও সমাধিস্থলকো লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে উত্তেজনা সৃষ্টি হয়। আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণত কিছু কবৰ আৰু মূৰ্তিৰ ক্ষতিসাধন হয়, আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা ছয়জন আৰক্ষীও আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে পীৰ ইমামশ্বাহ বাবা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত দৰগাহ কমপ্লেক্সত চুফী সাধু পীৰ ইমামশ্বাহ বাবাৰ নামেৰে নামাকৰণ কৰা এটা মছজিদ আছে। তাত তেওঁৰ বংশধৰসকলৰো কবৰ আছে। পিৰানা দৰগাহ দীৰ্ঘদিন ধৰি হিন্দু আৰু মুছলমান উভয়ৰে উপাসনাস্থলী হিচাপে বৰ্তি আছে। এই ঠাইখনক সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়।

কিন্তু দৰগাহৰ পৰিচয়ক লৈ হোৱা বিবাদৰ বাবে কিছুদিন ধৰি পৰিৱেশ উত্তাল হৈ আছিল।

যোৱা বছৰৰ আগষ্ট মাহত পীৰ ইমামশ্বাহ বাবাৰ হিন্দু অনুগামীসকলে চুফী সাধুজনৰ নাম সলনি কৰি ‘সধগুৰু হন্সেজ মহাৰাজ’ কৰিছিল। এই পদক্ষেপত স্থানীয় চৈয়দ সম্প্ৰদায়ৰ অন্তৰ্গত সন্তগৰাকীৰ মুছলমান বংশধৰসকলে তীব্ৰ আপত্তি প্ৰকাশ কৰে।

ইফালে হিন্দু ট্ৰাষ্টীসকলে যুক্তি দিছিল যে ৪০০০ বছৰতকৈও অধিক সময় ধৰি ‘হন্সেজ মহাৰাজ’ নামটো শাস্ত্ৰত সাধুজনৰ সৈতে জড়িত হৈ আছে।

ইয়াৰ পিছত ইমামশ্বাহ বাবা ৰোজা প্ৰতিষ্ঠানৰ মুছলমান ট্ৰাষ্টীয়ে দৰগাহক হিন্দু ধৰ্মীয় স্থানলৈ ৰূপান্তৰিত কৰাৰ অভিযোগত আপত্তি জনাই আদালতত আবেদন দাখিল কৰিছিল।

আবেদনখনত অভিযোগ কৰা হৈছিল যে দৰগাহক মন্দিৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলোৱা হৈছে। মুছলমান ট্ৰাষ্টীসকলে জনোৱা মতে, দৰগাহ চৌহদত দেৱতাৰ পোষ্টাৰ আঁকি দিয়া হৈছে আৰু এখন ফলকো লগোৱা হৈছে, য’ত লিখা আছে – ওম শ্ৰী সদগুৰু হন্সেজী মহাৰাজ অখণ্ড দিব্যজ্যোতি মন্দিৰ।