• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইছলামাবাদ-ঢাকাৰ মাজত তুংগত কূটনৈতিক উত্তেজনা, ভিজা বন্ধ পাকিস্তানীৰ

চাইদ বশ্বিৰ by চাইদ বশ্বিৰ
May 21, 2019 4:53 pm
Tensions brew as Bangladesh stops visas for Pakistani nationals

বাংলাদেশ আৰু পাকিস্তানৰ পতাকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদীৰ ভাৰতে কল্পনা কৰিব নোৱাৰা এটা কাম কৰি দেখুৱাইছে বাংলাদেশে— বন্ধ কৰি দিছে পাকিস্তানী নাগৰিকৰ ভিজা।

অবৈধ অনুপ্ৰৱেশকাৰী পঠোৱাৰ বাবে বাংলাদেশক ভাৰতীয় নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতাসকলে হয়তো খলনায়ক সাজি আহিছে, কিন্তু তেওঁলোকে উপলব্ধি কৰা নাই যে পাকিস্তান আৰ্মিৰ বিৰুদ্ধে এক তিক্ত সংগ্ৰামৰ পৰা জন্ম হোৱা দেশখনৰ ইছলামাবাদ-বিৰাগ এতিয়াও অন্ত পৰা নাই।

Apply Now

ঢাকাৰ শেহতীয়া সিদ্ধান্তটোৰ পিছতে পাকিস্তান-বাংলাদেশৰ মাজৰ কূটনৈতিক উত্তেজনাই সৰ্বকালৰ শীৰ্ষত অৱস্থান কৰিছে।

ঢাকাৰ বিদেশ বিভাগৰ সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনাই যে ইছলামাবাদত বাংলাদেশৰ এজন কূটনীতিকৰ ভিজা নবীকৰণত পাকিস্তানে পলম কৰাৰ পিছতে যোৱা সোমবাৰৰ পৰা ইছলামাবাদস্থিত বাংলাদেশ দূতাৱাসৰ ভিজা শাখা বন্ধ কৰি দিয়া হৈছে।

ধাৰণা কৰা হৈছে যে বাংলাদেশত পাকিস্তানৰ নৱনিযুক্ত উচ্চায়ুক্তজনৰ মনোনয়ন এবছৰতকৈয়ো অধিক কাল ধৰি ঢাকাই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি অহাৰ পিছতে পাকিস্তানে ভিজা নবীকৰণত পলম কৰিছে।

২০১৮ চনৰ মাৰ্চত পাকিস্তানৰ বিদেশ মন্ত্ৰ্যালয়ে ইয়াৰ মনোনীত প্ৰতিনিধি চাকলেইন চিদাহৰ প্ৰস্তাৱ বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। সেই নিযুক্তিত বাংলাদেশে এতিয়াও সঁহাৰি জনোৱা নাই।

বাংলাদেশৰ তথ্য মন্ত্ৰী হাচান মাহমুদে তেওঁৰ অন্তিমতম ক’লকাতা ভ্ৰমণত নৰ্থ ইষ্ট নাও-ক জনাইছিল, “দূত হিচাপে চাকলেইনৰ প্ৰমাণপত্ৰ গ্ৰহণ নকৰাৰ ক্ষেত্ৰত আমাৰ খুব ভাল কাৰণ আছে।”

বহলাই নক’লেও বিষয়াগৰাকীয়ে জনাই যে তেওঁ হয়তো চোৰাংচোৱা সেৱাৰ পৰা আহিছে, বা নহ’লে সিহঁতৰ সৈতে ঘনিষ্ঠভাৱে জৰিত।

প্ৰধান মন্ত্ৰী শ্বে’খ হাচিনা হত্যাৰ কথিত চেষ্টাত পাকিস্তানী সেনা চোৰাংচোৱা সেৱা জৰিত থকা বুলি বাতৰিৰ পিছৰে পৰা আই এচ আইৰ কাৰ্য্যকলাপক লৈ বাংলাদেশ অত্যন্ত সতৰ্ক।

বিশেষকৈ তিনি বছৰ পূৰ্বে ২০জনতকৈ অধিক ব্যক্তি— যিসকলৰ বেছিসংখ্যকেই আছিল বিদেশী– নিহত হোৱা ঢাকা বেকাৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে বাংলাদেশে নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলাই থকা ইছলামী বিদ্ৰোহীসকলক সমৰ্থন যোগাই অহা বুলি আই এচ আই-ক ই প্ৰায়ে দোষাৰোপ কৰি আহিছে।

মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা আৰু ১৯৭১ৰ মুক্তিযুদ্ধৰ সময়ত গণহত্যাকাৰী পাকিস্তান আৰ্মিৰ পক্ষ লোৱাত অভিযুক্ত পাঁচগৰাকী যুদ্ধ অপৰাধীক যোৱা বছৰ বাংলাদেশৰ ত্ৰিবিউনেলে মৃত্যুদণ্ড বিহিছে।

এই যুদ্ধ অপৰাধীকেইজনৰ ফাঁচীৰ বিৰুদ্ধে পাকিস্তান সংসদে বিভিন্ন সময়ত গৰিহণা দিয়াৰ লগতে প্ৰস্তাৱ গ্ৰহণ কৰিছে— যিটোক বাংলাদেশে ইয়াৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰূপে গণ্য কৰে।

বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম দমনত পাকিস্তান আৰ্মিক সহায় কৰা অপৰাধীৰ শাস্তি বিধানৰ বাবে ২০১০ চনত এই যুদ্ধ অপৰাধ ত্ৰিবিউনেল গঠন কৰা হৈছিল।

স্বাধীনতাকামী পূব পাকিস্তানত পশ্চিম পাকিস্তানে সেনা অভিযান আৰম্ভ কৰাৰ পিছত ১৯৭১ চনত পাকিস্তানত সূচনা হৈছিল এক গৃহযুদ্ধৰ ইয়াক বিভাজনৰ মুখলৈ লৈ গৈছিল। সেই সময়ত মৃত্যু হোৱা বাংলাদেশীৰ সংখ্যা প্ৰায় ৩ মিলিয়ন বুলি ধাৰণা কৰা হৈছে।

ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্দেশত ভাৰতীয় সেনাৰ হস্তক্ষেপে যুদ্ধখনৰ সমাপ্তি ঘটাইছিল আৰু ভাৰত মিত্ৰ মুক্ত দেশ বাংলাদেশৰ সৃষ্টি কৰিছিল।

চাইদ বশ্বিৰ

চাইদ বশ্বিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm
অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd