চীনৰ বিদেশ মন্ত্ৰীৰ বক্তব্যই পুনৰ জটিলতাৰ মাজলৈ ঠেলি দিছে আলোচনাৰ প্ৰসংগক

Bumla-b

ফাইল ফটো

ভাৰতৰ সৈতে দশকৰ পিছত দশক ধৰি সীমাকলৈ সংঘাটত লিপ্ত হৈ অহা চীনৰ সৈতে ভাৰতৰ পুনৰ আলোচনা হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ চীনৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ প্ৰতি গ্ৰহণ কৰা স্থিতিয়ে বিষয়টোক জটিলতাৰ মাজলৈ ঠেলি দিছে।

চীনৰ বিদেশ মন্ত্ৰী বাং য়িয়ে শেহতীয়াকৈ কৈছে যে ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক মুঠেও উন্নত হোৱা নাই আৰু সেয়া হোৱাৰো আশা নাই। লাডাখ সন্দৰ্ভত দুয়ো খন দেশে পুনৰ আলোচনাত বহিবলৈ সহমত ব্যক্ত কৰাৰ সময়তে চীনৰ বিদেস মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই আলোচনা যে ফলপ্ৰসূ নহ’ব তাৰেই ইংগিত দিছে।

উল্লেখ্য ভাৰত আৰু চীনৰ মাজত লাডাখ সংকট সন্দৰ্ভত ১১ লানি আলোচনা অনুষ্ঠিত হৈ গৈছে। উক্ত আলোচনা সমূহৰ পিছত লাডাখৰ বহু অঞ্চলৰ পৰা চীনে সেনা অপসাৰণ কৰিছে যদিও এতিয়াও বহু বিষয় মীমাংসা নোহোৱাকৈয়ে আছে।

সেয়ে দুয়ো খন দেশে পুনৰ আলোচনাত বহাৰ পোষকতা কৰিছিল।

৯ এপ্ৰিলত ভাৰত আৰু চীনৰ মাজত একাদশ লানি আলোচনা অনুষ্ঠিত হৈছিল।

উক্ত আলোচনাত মূলতঃ ডেপচাং আৰু ডোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ বিষয়ত ভাৰতে চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল।
ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কেইবালানি আলোচনা অনুষ্ঠিত হৈছে ।

কিছুদিন পূৰ্বে মলডো অঞ্চলত অনুষ্ঠিত আলোচনাত চীন-ভাৰত দুয়োখন দেশে দোপচাঙৰ লগতে লাডাখৰ অন্যান্য প্ৰান্তৰ পৰা সেনা অপসাৰণ কৰিব বুলি সহমত ব্যক্ত কৰিছিল যদিও আজিলৈকে চীনে লাডাখৰ পৰা বায়ু সেনা বাহিনীক অপসাৰণ কৰা নাই।

ফলত নিৰাপত্তাৰ খাতিৰত ভাৰতেও লাডাখৰ পৰা দেশ খনৰ বায়ু সেনা বাহিনী অপসাৰৰণ কৰিব পৰা নাই।

একাদশ লানি আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিল। আলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰা হৈছিল।

ইতিমধ্যে দুয়ো দেশৰ মাজত হোৱা নৱম লানি আলোচনাৰ পিছতে ভাৰত আৰু চীনে সীমান্তৰ পৰা বৃহৎ সংখ্যক সেনা আঁতৰাই নিছিল।
বিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে চীনক হেঁচা দিছিল আৰু চীনে সেয়া মানিও লৈছিল।

সেই সময়ত অনুষ্ঠিত আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল ভাৰতীয় সেনাৰ ১৪ কৰ্পৰ কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য চীনে এতিয়ালৈকে বায়ু সেনা বাহিনী আঁতৰাই নিয়া নাই।