NORTHEAST NOW (Assamese)

টীয়কত ১৪ গৰাকী ব্যক্তিক পৰিয়ালৰ পৰ্যবেক্ষনত ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ

March 22, 2020 8:30 pm · নিৰ্মলেন্দু পাঠক

সমগ্ৰ দেশতে ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ আতংক অব্যাহত থকাৰ মাজতে বহিঃ ৰাজ্য তথা দেশ-বিদেশৰ বিভিন্ন স্থানত কৰ্মৰত যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলৰ বহু লোক নিজ ঘৰলৈ ঘূৰি অহা পৰিলক্ষিত হৈছে।

ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত টীয়কৰ আৰক্ষী প্ৰশাসন আৰু টীয়ক পৌৰসভাই বিভাগীয় স্বাস্থ্য কৰ্মীৰ সহযোগত আজি এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিছে l

টীয়ক পৌৰসভা, টীয়ক আৰক্ষী থানা আৰু স্থানীয় স্বাস্থ্য কৰ্মীৰ তৎপৰতাত আজি টীয়ক নগৰৰ জগদুৱাৰ, অচ্যুত মাৰ্গ আৰু চেলেংহাট পথত বিহাৰ, ৰাজস্থান, দিল্লী, লণ্ডন আদিৰ পৰা অহা ৮ টা পৰিয়ালৰ মুঠ ১৪ জন সদস্যক ১৪ দিনৰ বাবে পৃথকে নিজ নিজ পৰিয়ালৰ পৰ্যবেক্ষনত ৰাখিবলৈ নিৰ্দেশ দিছে।

Related News