যোৰহাট জিলাৰ টীয়কৰ অন্যতম গুৰুত্বপূৰ্ণ পথ চিকিৎসালয় পথত এজাক বৰষুণতে পথৰ ওপৰত পানী জমা হৈ পথাচাৰীক জ্বলাকলা খুৱাইছে।
লোকনিৰ্মাণ বিভাগে যোৱা বছৰ পথছোৱাৰ কেৱল দাঁতিছোৱাহে মেৰামতি কৰাত পথটোৰ মাজ অংশ দ হৈ গৈছে।
লগতে পথটোৰ সোঁ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ এডাল পাইপ ফাটি যোৱা এবছৰ হ’ল।
স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগক বহু বাৰ আবেদন জনোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোৱে।
লোকনিৰ্মাণ বিভাগৰ দ্বাৰাও পাইপ ডাল মেৰামতি বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক জনোৱা হৈছিল যদিও বিভাগসমূহৰ মাজত বুজা পৰা নথকাৰ ফলস্বৰূপে এই পৰ্যন্ত ইয়াৰ মেৰামতি নহ’ল।
ফলত ফটা পাইপেৰে পানী নিৰ্গত হৈ পথছোৱা বিধ্বস্ত হৈ পৰিছে।
তিনিখনকৈ স্কুল আৰু চিকিৎসালয়ললৈ অহা যোৱা কৰা এই পথটিৰ বিধস্ত ৰূপে যাতনা ভোগাইছে ৰাইজক।
ইপিনে পথটোত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈও গ্ৰাহক অহা যোৱাত যথেষ্ট অসুবিধাত পৰিছে।
টীয়ক পৌৰসভাক বিগত সময়ত স্থানীয় ৰাইজে পানী নিষ্কাশনৰ বাবে নলা নিৰ্মাণ কৰিবলৈ বহুবাৰ অনুৰোধ জনাইছিল যদিও এই পৰ্যন্ত পৌৰসভাই পানী নিষ্কাশনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
সেয়ে অনতি পলমে এই পথছোৱা মেৰামতি কৰিবলৈ বিভিন্ন দল সংগঠনে চৰকাৰক দাবী জনাইছে।