NORTHEAST NOW (Assamese)

টীয়কত চুলাই মদৰ ঘাটি উৎখাত

April 4, 2020 10:12 pm · এন ই নাও নিউজ
Updated: April 4, 2020 10:22 pm

কৰ’বাভাইৰাছৰ আতংকৰ মাজতো অসমত অব্যাহত আছে একাংশৰ চুলাই বেপাৰ।

লকডাউনৰ মাজতো টীয়কৰ চুলাই বেপাৰীয়ে বেপাৰ চলাই গৈছে।

টীয়কত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক অবৈধ চুলাই মদ ধ্বংস কৰে।

টীয়কৰ লাহিঙৰ কয়লা জংঘলত অভিযান চলাই আৰক্ষীয়ে অবৈধ চুলাই মদৰ ঘাটিকেইটা উৎখাত কৰে।

কিন্তু আৰক্ষীৰ জালত এতিয়ালৈকে কোনো চুলাই বেপাৰী আটক হোৱা নাই।

Related News