NORTHEAST NOW (Assamese)

এশ বাহৰো অধিক মৌ-মাখি প্ৰতিপালনেৰে স্বাৱলম্বী হোৱা টীয়কৰ এজন আদৰ্শ ব্যক্তিৰ কাহিনী…

January 31, 2021 5:07 pm · নীৰ্মলেন্দু পাঠক

যি সময়ত ৰাজ্যৰ উঠি অহা চামৰ মাজত কৰ্ম সংস্থাপনৰ অভাৱে কিছু হতাশা কঢ়িয়াইছে সেই সময়তে যোৰহাট জিলাৰ টীয়কৰ এজন ব্যক্তিৰ এক প্ৰচেষ্টাই আশা কঢ়িয়াইছে৷

কেৱল মৌ মাখি পালনেৰে যে মানুহ স্বাৱলম্বী হ’ব পাৰি, পৰিয়ালটোলৈ যে আৰ্থিক স্বচ্চলতা কঢ়িয়াব পাৰি এই কথা বহু সময়ত ভৱা নাযায়৷

কিন্তু সেই সময়তে টীয়কৰ পিড়াকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকন নামৰ ব্যক্তিজনে নিজৰ শ্ৰমেৰে নিজ গৃহতে প্ৰায় এশ বাহ মৌ-মাখি প্ৰতিপালন কৰি সমগ্ৰ অঞ্চলটোলৈ এক উদ্যোগিক পৰিবেশ কঢ়িয়াই আনিছে।

অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইজন চহা কৃষকে নিজৰ সাঁচতীয়া ধনেৰে বহু কষ্টৰে এই এশটাৰো অধিক মৌ বাহ প্ৰতিপালন কৰি আহিছে৷

ব্যৱসায়িকভাৱে প্ৰচুৰ সম্ভাৱনা থকা এইসমূহ থলুৱা উদ্যোগলৈ চৰকাৰে পৰ্যাপ্ত সুবিধা আগবঢ়ালে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ এক সজীৱতা অহাৰ আশা কৰিব পাৰি l

ইয়াৰ উপৰিও চৰকাৰৰ বিশেষ আঁচনিৰ দ্বাৰা যদি মৌ পালনৰ ওপৰত সাধাৰণ জনসাধাৰণ বিশেষকৈ যুৱ চামৰ মাজলৈ এক সজাগতা আনি মৌ পালনৰ লগত জড়িত কৰিব পৰা যায় তেতিয়া ৰাজ্যত নিবনুৱা সমস্যাৰ সমাধানৰো কিছু আশা কঢ়িওৱাৰ সম্ভাৱনা আশা কৰিব পাৰি৷

Related News