NORTHEAST NOW (Assamese)

Ranju Hazarika কল্প কাহিনীৰ সম্ৰাট ৰঞ্জু হাজৰিকালৈ ‘শিকলি’ৰ টীয়কপৰীয়া সাহিত্য বঁটা

November 25, 2021 6:53 pm · নিৰ্মলেন্দু পাঠক ,টীয়ক
বিশিষ্ট কাহিনীকাৰ ৰঞ্জু হাজৰিকা। ফাইল ফটো।

Ranju Hazarika টীয়কৰ পৰা প্ৰকাশিত ছমহীয়া কাব্যালোচনী ”শিকলি”ৰ উদ্যোগত প্ৰৱৰ্তন কৰা চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা আজি ঘোষণা কৰা হৈছে। 

২০২১বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব কেইবা দশক ধৰি অসমীয়া কল্প-সাহিত্যৰ জগতত অভিলেখ সৃষ্টি কৰি সাহিত্যৰ ভঁৰাল চহকী কৰা কাহিনীকাৰ, বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাক।

আগন্তুক বসন্ত ঋতুত ঔপন্যাসিক গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা আৰু সহকাৰী সম্পাদক হেমন্তজ্যোতি গগৈয়ে জানিবলৈ দিছে।

Also Read: উইজডেনৰ বৰ্তমানৰ বিশ্ব টেষ্ট একাদশ ঘোষণা, দলত স্থান নহ’ল ভাৰতীয় তাৰকা কোহলীৰ

উল্লেখ্য যে টীয়কৰ এগৰাকী সাহিত্যনুৰাগী ব্যক্তি দেৱজিত হাজৰিকাৰ পৃষ্ঠপোষকতাত আগবঢ়োৱা এই বঁটা ২০২০ বৰ্ষত বিশিষ্ট সাহিত্যিক,গৱেষক অধ্যাপক তথা চিত্ৰকৰ ড° ভাৰত বৰাক প্ৰদান কৰা হৈছিল।

Related News