• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

উইজডেনৰ বৰ্তমানৰ বিশ্ব টেষ্ট একাদশ ঘোষণা, দলত স্থান নহ’ল ভাৰতীয় তাৰকা কোহলীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2021 3:49 pm
Wisden’s current world Test XI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উইজডেন বাচনি পেনেলে খেলুৱৈসকলৰ বৰ্তমানৰ ফৰ্ম আৰু সামগ্ৰিক ৰেকৰ্ড দুয়োটাৰ ওপৰত আধাৰিত কৰি বিশ্ব টেষ্ট একাদশ বাছনি কৰিছে।

Wisden.com ৰ পৰিচালনা সম্পাদক বেন গাৰ্ডেনাৰ, Wisden.com ৰ লেখিকা তাহা হাছিম আৰু ৱিজডেন ইণ্ডিয়াৰ সম্পাদক আদ্য শৰ্মা এই পেনেলিষ্টৰ সদস্য আছিল।

দলটোত স্থান লাভ কৰিছে ভাৰতৰ চাৰিজন ক্ৰিকেটাৰে। অষ্ট্ৰেলিয়াৰ তিনিজন, ইংলেণ্ডৰ দুজন, নিউজিলেণ্ড আৰু পাকিস্তানৰ এজনকৈ ক্ৰিকেটাৰে।

Apply Now

দলৰ অপেনাৰ হিচাপে আছে ভাৰতৰ ৰোহিত শৰ্মা আৰু অষ্ট্ৰেলিয়াৰ মাৰ্কোচ লাবুচেন।

আনহাতে মিডল অৰ্ডাৰত পেনেলে ঠাই দিছে ইংলেণ্ডৰ অধিনায়ক জ’ ৰুট, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আৰু নিউজিলেণ্ডৰ কেন উইলিয়ামচন। উইলিয়ামচনক দলৰ অধিনায়ক হিচাপেও বাচনি কৰা হৈছে।

দলৰ উইকেট ৰক্ষক হিচাপে স্থান দিয়া হৈছে পাকিস্তানৰ মহম্মদ ৰিজৱানক। উইকেট ৰক্ষকৰ বাচনিৰ ক্ষেত্ৰত পেনেলে জনায় যে, যদিও ৰিজৱানে মাত্ৰ ১৭ খনহে টেষ্ট খেলিছে, সেই খেলকেইখনত ৪২ ৰ ওপৰৰ গড়ে ৰান সংগ্ৰহ কৰিছে।

ভাৰতৰ ঋষভ পণ্ট উইকেট ৰক্ষক হিচাপে অন্যতম পচন্দ আছিল যদিও ধৈৰ্য আৰু ধাৰাবাহিকতাৰ ব্যৰ্থতাৰ বাবে ৰিজৱানক প্ৰথম পচন্দ হিচাপে দলত ৰখা হয়।

ভাৰতৰ দুই তাৰকা ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিন যুটিক দলত স্পিন বলিং অলৰাউণ্ডাৰ হিচাপে স্থান দিয়া হৈছে। বিগত সময়চোৱাত এই যুটিয়ে বিশ্ব ক্ৰিকেতত ভাৰতৰ উত্থানত অন্যতম বৰঙনি আগবঢ়াইছে।

বলিঙৰ লগতে বেটিঙতো তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। বিশেষকৈ যোৱা দুই-তিনি বছৰত ল’ৱাৰ অৰ্ডাৰ বেটিং ক্ৰমত জাদেজাৰ বেটিঙ অনবদ্য বুলি মন্তব্য কৰে পেনেলে।

দলৰ পেচ বলিং এটেকত আছে অষ্ট্ৰেলিয়াৰ পেট কামিনছ্, ইংলেণ্ডৰ জেমচ এণ্ডাৰচন আৰু ভাৰতৰ যশপ্ৰীত বুমৰাহ।

আনহাতে ভাৰতীয় তাৰকা তথা এইসময়ত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীয়ে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল এই দলত। কোহলী সম্পৰ্কে পেনেলে মন্তব্য কৰে যে কোহলী নি: সন্দেহে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা।

কোহলী, ৰুট, স্মিথ, উইলিয়ামচন — এই ‘ফেভ ফ’ৰ’ ক বৰ্তমান বিশ্ব ক্ৰিকেটত উলাই কৰিব নোৱাৰি। কিন্তু যোৱা দুই বছৰত কোহলীৰ প্ৰদৰ্শন নিম্নগামী হৈছে। যোৱা দুই বছৰত কোহলীৰ নামত এটাও আন্তঃৰাষ্ট্ৰীয় শতকীয় ইনিংছ নাই। সেই বাবে বৰ্তমানৰ প্ৰদৰ্শনলৈ চাই কোহলীক দলত স্থান দিয়া নহ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd