NORTHEAST NOW (Assamese)

কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ! থিতাহে নিহত ৪ জন ব্যক্তি

July 29, 2024 6:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পুনৰ কাশ্মীৰৰ পৰা আহিছে ৰক্তপাতৰ খবৰ। সোমবাৰে বিয়লি কাশ্মীৰত সংঘটিত হৈছে ভয়াৱহ বিস্ফোৰণৰ ঘটনা।

উত্তৰ কাশ্মীৰৰ সোপোৰত এই ভয়ানক বিস্ফোৰণ সংঘটিত হৈছে। এই বিস্ফোৰণত ৪ গৰাকী লোকে থিতাতে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে।

এই বিস্ফোৰণৰ আঁৰত কাৰ হাত আছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই পুনৰ কাশ্মীৰত আতংক বিয়পাইছে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, ছ’প’ৰেৰ শ্বেৰ কলনীৰ এখন স্ক্ৰেপৰ দোকানত তীব্ৰ বিস্ফোৰণ সংঘটিত হয়।

Related News