• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্ত্ৰাসবাদীক বিত্তৰ যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক: অমিত শ্বাহ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 18, 2022 7:13 pm
119
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে কয় যে সন্ত্ৰাসবাদৰ ভাবুকি কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা বা গোটৰ সৈতে সম্পৰ্কিত হ’ব নোৱাৰে আৰু সেয়া কোনেও কৰিবও নোৱাৰে । তৃতীয় ‘সন্ত্ৰাসবাদ বিৰোধী’ সন্মিলনত ভাষণ দি তেওঁ কয় যে সন্ত্ৰাসবাদ নিঃসন্দেহে বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ বাবে আটাইতকৈ গুৰুতৰ ভাবুকি । সন্ত্ৰাসবাদৰ বাবে বিত্তৰ যোগান “অধিক বিপজ্জনক”। সন্ত্ৰাসবাদীসকলে নিৰন্তৰ হিংসা সংঘটিত কৰা, যুৱক-যুৱতীসকলক মৌলবাদী আদৰ্শৰে পৰিচালনা কৰা আৰু বিত্তীয় যোগান বৃদ্ধি কৰাৰ নতুন উপায় বিচাৰি আছে। ডাৰ্কনেটটো সন্ত্ৰাসবাদীসকলে মৌলবাদী বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি আছে বুলি শ্বাহে মন্তব্য কৰে।

তেওঁ কয়, ” ক্ৰিপ্টোকাৰেন্সীৰ দৰে ভাৰ্চুৱেল সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে।এই ডাৰ্কনেট কাৰ্যকলাপৰ আৰ্হিবোৰ বুজি লোৱাটো প্ৰয়োজনীয় কথা হৈ পৰিছে আৰু সেইবোৰৰ সমাধান বিচাৰি উলিওৱাৰ সময়ো আহি পৰিছে।” শ্বাহে কয় “মই বিশ্বাস কৰোঁ যে সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। কিয়নো সন্ত্ৰাসবাদ এনে ধৰণৰ পুঁজিৰ দ্বাৰা প্ৰতিপালিত হয়। সন্ত্ৰাসবাদীক বিত্তীয় যোগানৰ ফলত দেশসমূহৰ অৰ্থনীতি দুৰ্বল হৈ পৰে,”।

তেওঁ লগতে কয় যে আমি এইটোও স্বীকাৰ কৰোঁ যে সন্ত্ৰাসবাদৰ ভাবুকি কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা বা গোটৰ সৈতে সম্পৰ্কিত হ’ব নোৱাৰে আৰু তেনে কৰিবও নালাগে। ভাৰতে এই বিপদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰাপত্তা শৈলীৰ লগতে আইনী আৰু বিত্তীয় ব্যৱস্থাক সুৰক্ষিত কৰি তুলিছে।তেওঁ কয় “এয়া আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফল। ভাৰতত সন্ত্ৰাসবাদী ঘটনাবোৰ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ ফলত সন্ত্ৰাসবাদৰ ফলত হোৱা অৰ্থনৈতিক লোকচানো যথেষ্ট হ্ৰাস পাইছে,”। পাকিস্তান আৰু চীনৰ প্ৰচ্ছন্ন আক্ৰমণ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয় যে এনে কিছুমান দেশ আছে যিয়ে “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমি যি সামূহিক সংকল্প লৈছো তাক দুৰ্বল কৰিব বা বাধা দিব বিচাৰে”।

“আমি দেখিছো যে কিছুমান দেশে সন্ত্ৰাসবাদীসকলক সুৰক্ষা আৰু আশ্ৰয় দিয়ে। এজন সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াটো সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ সমান। এইটো আমাৰ সামূহিক দায়িত্ব হ’ব যে এনে উপাদানবোৰে যাতে কেতিয়াও তেওঁলোকৰ উদ্দেশ্যত সফলহ’ব নোৱাৰে সেয়া নিশ্চিত কৰা,” তেওঁ কয়। আফগানিস্তানৰ শাসন পৰিৱৰ্তনৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীয়ে কয় যে ২০২১ চনৰ আগষ্ট মাহৰ পিছত দক্ষিণ এছিয়া অঞ্চলৰ পৰিস্থিতি সলনি হৈছে আৰু আল-কায়েদা আৰু আইএছআইএছৰ বৰ্ধিত প্ৰভাৱ আঞ্চলিক নিৰাপত্তাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে।” উল্লেখ্য সন্ত্ৰাসবাদ সম্পৰ্কীয় বৈঠকখন নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত হৈছে। দুদিনীয়া বৈঠকত ৭০ খনতকৈও অধিক দেশৰ ৪৫০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd