ৰাছিয়াৰ দাগেস্তানত সংঘটিত আক্ৰমণত আৰক্ষী, যাজক, বন্দুকধাৰীসহ ২২ জন লোক নিহত

ফটোঃ সংগ্ৰহীত।

ৰাছিয়াৰ উত্তৰ ককেছাছ অঞ্চল দাগেস্তানৰ দুখন চহৰত বন্দুকধাৰীৰ একাধিক “সন্ত্রাসবাদী আক্ৰমণ”ত নিহত হয় কমেও ১৫ জন আৰক্ষী আৰু এজন অৰ্থডক্স যাজক। লগতে ছয়জন সন্দেহযুক্ত বন্দুকধাৰীও নিহত হয়। দাগেস্তানৰ গৱৰ্ণৰ চাৰ্গেই মেলিকোভে এই তথ্য সদৰী কৰিছে।

স্থানীয় সময় অনুসৰি দেওবাৰে সন্ধিয়া দাগেস্তান অঞ্চলৰ ডাৰবেণ্ট আৰু মাখাচকালা চহৰত বন্দুকধাৰীয়ে ইহুদী প্ৰাৰ্থনাগৃহ (চিনাগগ), এটা অৰ্থডক্স গীৰ্জা আৰু আৰক্ষীৰ তালাচী চকীত আক্ৰমণ চলায়।

মেছেজিং এপ টেলিগ্ৰামত প্ৰকাশ কৰা এটা ভিডিঅ’ত গৱৰ্ণৰ চাৰ্গেই মেলিকোভে কয় যে, “এয়া দাগেস্তান আৰু সমগ্ৰ দেশৰ বাবে অতি দুখজনক দিন। আমি বুজি পাওঁ যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত কোনবোৰ সংগঠন আছে আৰু তেওঁলোকে কি লক্ষ্য কৰি লৈছে।”

অৱশ্যে চাৰ্গেই মেলিকোভে কাকো দায়ী বুলি উল্লেখ কৰা নাই। এই সন্দৰ্ভত তেওঁ কোনো সবিশেষো দিয়া নাই।

লগতে পঢ়কঃ লোকসভাত শপত গ্ৰহণ মোডীৰ; হাতত সংবিধান লৈ লোকসভা চৌহদত প্ৰতিবাদ ‘ইণ্ডিয়া’ৰ

ৰাছিয়াৰ সংবাদ মাধ্যম টাছৰ ​​উদ্ধৃতিৰে আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি সন্দেহযুক্ত আক্ৰমণকাৰীসকল “আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন”ৰ সদস্য। কিন্তু উত্তৰ ককেছাছ অঞ্চলত এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই।

ৰাছিয়াৰ ৰাজধানী মস্কোৰ সমীপৰ কনচাৰ্ট হলত সংঘটিত আক্ৰমণত ১৪৫ জন লোকৰ মৃত্যু হোৱাৰ তিনি মাহৰ পিছতে দাগেস্তানত এই আক্ৰমণ সংঘটিত হৈছে। ইছলামিক ষ্টেট (আই এছ)য়ে এই আক্ৰমণ চলাইছিল। শেহতীয়া বছৰবোৰত ৰাছিয়াৰ মাটিত সংঘটিত হোৱা এইটোৱেই আছিল আটাইতকৈ মাৰাত্মক আক্ৰমণ।

দেওবাৰে দাগেস্তানত সংঘটিত আক্ৰমণৰ সন্দেহযুক্ত আক্ৰমণকাৰীৰ ভিতৰত অঞ্চলটোৰ মধ্য অংশৰ চেৰগোকালা জিলাৰ মুৰব্বীৰ দুজন পুত্ৰও আছিল বুলি আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰৰ উদ্ধৃতি দি ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তদন্তকাৰীয়ে তেওঁলোকক আটক কৰি জেৰা কৰি আছে।

চাৰ্গেই মেলিকোভে ভিডিঅ’ বাৰ্তাযোগে কয় যে এই আক্ৰমণত নিহত যাজকজনে ৪০ বছৰতকৈও অধিক সময় ধৰি ডাৰবেণ্ট চহৰত কাম কৰি আহিছে।

লগতে পঢ়কঃহজত মৃতকৰ সংখ্যা ১৩০০ অতিক্ৰম; ছৌদি আৰৱৰ দাবী ৮৩ শতাংশই অবৈধ হজযাত্ৰী!

তেওঁ কয় যে এই ঘটনাত ছয়জন সন্দেহযুক্ত আক্ৰমণকাৰী নিহত হৈছে। অৱশ্যে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে পাঁচজন বন্দুকধাৰী নিহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এই তথ্য দেশৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ উদ্ধতিৰে এই তথ্যা অৱগত কৰা হৈছে।

ৰাছিয়াৰ দাগেস্তানত আজি সোমবাৰৰ পৰা অহা বুধবাৰলৈ তিনিদিনীয়া শোক ঘোষণা কৰা হৈছে বুলি গৱৰ্ণৰ চাৰ্গেই মেলিকোভে কয়। তেওঁ কয়, এই তিনিদিন ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব। ইয়াৰ লগতে সকলো মনোৰঞ্জনৰ অনুষ্ঠান বাতিল কৰা হৈছে।