অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Terrorist attack in Jammu-Kashmir

জম্মু-কাশ্মীৰত ক্ৰমান্বয়ে তীব্ৰ পৰিস্থিতিৰ ফালে গতি কৰিছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষই। বিগত কেইমাহমানৰ পৰা চলি থকা নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূল অভিযানৰ সমসাময়িকভাৱে সন্ত্ৰাসবাদী গোটসমূহেও নিৰাপত্তাৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

বিগত কিছু দিনত উপত্যকাটোৰ বিভিন্ন প্ৰান্তত নিৰাপত্তাৰক্ষী বাহিনীৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। মঙলবাৰে কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কুটপোৰাত এটা কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন (কাচো) আৰম্ভ কৰিছিল নিৰাপত্তাৰক্ষী বাহিনীয়ে।

এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাবাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰে। ইয়াৰ পিছতে প্ৰতি আক্ৰমণ চলাই নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰে।

অৱশ্যে সন্ত্ৰাসবাদী সদস্য কেইজন আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অঞ্চলটোৰ এটা ঘৰত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ লগতে ঘৰটোত মজুত থকা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ উদ্ধাৰ কৰে।

দেওবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাৰ সময়ত এজন নিৰাপত্তাৰক্ষী আহত হৈছিল। আহত চৰফৰাজ আহমেদক লগে লগে চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

কিন্তু আঘাত গুৰুতৰ হোৱাৰ বাবে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লৈছিল জোৱানগৰাকীয়ে। আনহাতে যোৱা বৃহস্পতিবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল এগৰাকী কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) সহ চাৰিজন সেনা জোৱান।