বিজেপিৰ চৰকাৰখন শাসনলৈ অহাৰ পিছত পাতিব লগীয়া প্ৰথমটো টে’ট পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ সৈতে সাঙোৰ খাই পৰা ব্যাপক বেমেজালি অব্যাহত আছে।
ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু প্ৰত্যাশিত পৰীক্ষাটোৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলক হতাশ কৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি এটা নতুন ঘোষণা কৰে।
আজি মহানগৰীৰ কমাৰ্চ কলেজত শিক্ষা বিভাগৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে জানিবলৈ দিয়ে, “২০১৭ চনৰ পাছত কোনেও এনেকুৱাকৈ (অ’ ডি এল পদ্ধতিত) D.El.Ed-ত নতুনকৈ এডমিশ্যন দিব নোৱাৰে বা ল’বও নোৱাৰে, যদি লোৱা দেখুৱাইছে তেন্তে সেইখিনি গ্ৰহণ কৰা নহ’ব”।
শিক্ষা মন্ত্ৰীজনৰ এই ভাষ্যই অধিক বিপাঙত পেলাব পাৰে আৱেদনকাৰী কিছু সংখ্যক প্ৰাৰ্থীক।
আৱেদনকাৰীসকলৰ মাজৰ যিসকলে B.Ed/D.El.Ed পাঠ্যক্ৰম অধ্যয়ন কৰি আছে বুলি প্ৰপত্ৰ পূৰোৱাৰ সময়ত তথ্য দিছিল, তেওঁলোকে এই পাঠ্যক্ৰম লৈ থকা সবিশেষ তথ্য আৰু নথি অনলাইন দাখিল কৰা আজিয়েই (২৭ ছেপ্টেম্বৰ) অন্তিম দিন।
উক্ত পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা বুলি পূৰ্বে অনলাইন আৱেদন পূৰাওঁতে উল্লেখ কৰাসকলে তাৰ প্ৰামাণ্য নথি (এডমিশ্যনৰ ৰিচিপ্ট) দিবলৈ সংশোধন/সম্পাদন ২৭ ছেপ্টেম্বৰলৈকে কৰিব পাৰিব বুলি ১৭ ছেপ্টেম্বৰৰ এখন জাননী যোগে জনাইছিল শিক্ষা বিভাগে।
এই জাননীৰ পিছত বহুতো আৱেদনকাৰীয়ে নিজৰ আৱেদন সংশোধন কৰি ODL (Open and Distance Learning) পদ্ধতিত উক্ত পাঠ্যক্ৰম অধ্যয়ন কৰি থকা বুলি দেখুৱাইছে আৰু তাৰ এডমিশ্যন ৰিচিপ্টৰ কপি দাখিল কৰিছে।
শিক্ষা মন্ত্ৰীগৰাকীৰ মতে, এনেকুৱা পাঠ্যক্ৰম আগ বঢ়োৱা বহুতো শিক্ষা প্ৰতিষ্ঠানে বেকডেইটত এডমিশ্যন দেখুৱাই ধনৰ বিনিময়ত ৰিচিপ্ট দিছে বুলি তেওঁ সংবাদ মাধ্যমযোগে জানিব পাৰিছে।
২০১৭ চনৰ পিছত যদি কোনোবাই অন্যায় উপায়েৰে বেকডেইট কৰি এডমিশ্যনৰ ৰিচিপ্ট লৈ সেইবোৰ জমা দিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।
“২০১৯ চনলৈকে কিছুমানে এডমিশ্যন লোৱা দেখুৱাইছে। যদি কোনোবাই এনেকুৱা ধৰণৰ কাম কৰিছে তেন্তে কঠোৰতকৈ কঠোৰ শাস্তি দিম। মই শিক্ষামন্ত্ৰী হৈ থকালৈকে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ”, শিক্ষা মন্ত্ৰীজনে কয়।
ইপিনে, শিক্ষা বিভাগে টে’ট পৰীক্ষাৰ বাবে ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পূৰ্বে যিসকল এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা শিক্ষাৰ্থীয়ে ৪০০ টকা খৰচ কৰি অনলাইন প্ৰ-পত্ৰ দাখিল কৰিছিল সেইসকলৰ ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰতো এতিয়ালৈকে স্পষ্ট সিদ্ধান্ত হোৱা নাই বুলি জনালে শিক্ষা মন্ত্ৰীজনে।
“আলোচনা কৰি থকা হৈছে, আৰু এটা আলোচনা অতি সোনকালে হ’ব। দুই এদিনৰ ভিতৰতে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।” সাংবাদিকৰ প্ৰশ্নত শিক্ষা মন্ত্ৰীৰ উত্তৰ।
অহা ১০ নৱেম্বৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষা অনুষ্ঠিত হ’ব। কংগ্ৰেছ চৰকাৰে ২০১২ চনত পতা টে’ট পৰীক্ষাৰ পিছত বিজেপি চৰকাৰখনে পতা এইটো প্ৰথম টে’ট পৰীক্ষা হ’ব।