• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টে’টক লৈ চৰম বিভ্ৰান্তি অব্যাহত; ২০১৭ চনৰ পিছৰ D.El.Ed এডমিশ্যনৰ বৈধতা নাকচ শিক্ষা মন্ত্ৰীৰ

বি এড, ডি এল এড-বিহীন আৱেদনকাৰীয়ে জমা দিয়া মাচুল ঘূৰাই দিয়া বিষয়ত এতিয়াও নাই হোৱা সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 27, 2019 7:06 pm
Assam-TET-Minister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ চৰকাৰখন শাসনলৈ অহাৰ পিছত পাতিব লগীয়া প্ৰথমটো টে’ট পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ সৈতে সাঙোৰ খাই পৰা ব্যাপক বেমেজালি অব্যাহত আছে।

ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু প্ৰত্যাশিত পৰীক্ষাটোৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলক হতাশ কৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি এটা নতুন ঘোষণা কৰে।

Apply Now

আজি মহানগৰীৰ কমাৰ্চ কলেজত শিক্ষা বিভাগৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে জানিবলৈ দিয়ে, “২০১৭ চনৰ পাছত কোনেও এনেকুৱাকৈ (অ’ ডি এল পদ্ধতিত) D.El.Ed-ত নতুনকৈ এডমিশ্যন দিব নোৱাৰে বা ল’বও নোৱাৰে, যদি লোৱা দেখুৱাইছে তেন্তে সেইখিনি গ্ৰহণ কৰা নহ’ব”।

শিক্ষা মন্ত্ৰীজনৰ এই ভাষ্যই অধিক বিপাঙত পেলাব পাৰে আৱেদনকাৰী কিছু সংখ্যক প্ৰাৰ্থীক।

আৱেদনকাৰীসকলৰ মাজৰ যিসকলে B.Ed/D.El.Ed পাঠ্যক্ৰম অধ্যয়ন কৰি আছে বুলি প্ৰপত্ৰ পূৰোৱাৰ সময়ত তথ্য দিছিল, তেওঁলোকে এই পাঠ্যক্ৰম লৈ থকা সবিশেষ তথ্য আৰু নথি অনলাইন দাখিল কৰা আজিয়েই (২৭ ছেপ্টেম্বৰ) অন্তিম দিন।

উক্ত পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা বুলি পূৰ্বে অনলাইন আৱেদন পূৰাওঁতে উল্লেখ কৰাসকলে তাৰ প্ৰামাণ্য নথি (এডমিশ্যনৰ ৰিচিপ্ট) দিবলৈ সংশোধন/সম্পাদন ২৭ ছেপ্টেম্বৰলৈকে কৰিব পাৰিব বুলি ১৭ ছেপ্টেম্বৰৰ এখন জাননী যোগে জনাইছিল শিক্ষা বিভাগে।

এই জাননীৰ পিছত বহুতো আৱেদনকাৰীয়ে নিজৰ আৱেদন সংশোধন কৰি ODL (Open and Distance Learning) পদ্ধতিত উক্ত পাঠ্যক্ৰম অধ্যয়ন কৰি থকা বুলি দেখুৱাইছে আৰু তাৰ এডমিশ্যন ৰিচিপ্টৰ কপি দাখিল কৰিছে।

শিক্ষা মন্ত্ৰীগৰাকীৰ মতে, এনেকুৱা পাঠ্যক্ৰম আগ বঢ়োৱা বহুতো শিক্ষা প্ৰতিষ্ঠানে বেকডেইটত এডমিশ্যন দেখুৱাই ধনৰ বিনিময়ত ৰিচিপ্ট দিছে বুলি তেওঁ সংবাদ মাধ্যমযোগে জানিব পাৰিছে।

২০১৭ চনৰ পিছত যদি কোনোবাই অন্যায় উপায়েৰে বেকডেইট কৰি এডমিশ্যনৰ ৰিচিপ্ট লৈ সেইবোৰ জমা দিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

“২০১৯ চনলৈকে কিছুমানে এডমিশ্যন লোৱা দেখুৱাইছে। যদি কোনোবাই এনেকুৱা ধৰণৰ কাম কৰিছে তেন্তে কঠোৰতকৈ কঠোৰ শাস্তি দিম। মই শিক্ষামন্ত্ৰী হৈ থকালৈকে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ”, শিক্ষা মন্ত্ৰীজনে কয়।

ইপিনে, শিক্ষা বিভাগে টে’ট পৰীক্ষাৰ বাবে ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পূৰ্বে যিসকল এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা শিক্ষাৰ্থীয়ে ৪০০ টকা খৰচ কৰি অনলাইন প্ৰ-পত্ৰ দাখিল কৰিছিল সেইসকলৰ ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰতো এতিয়ালৈকে স্পষ্ট সিদ্ধান্ত হোৱা নাই বুলি জনালে শিক্ষা মন্ত্ৰীজনে।

“আলোচনা কৰি থকা হৈছে, আৰু এটা আলোচনা অতি সোনকালে হ’ব। দুই এদিনৰ ভিতৰতে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।” সাংবাদিকৰ প্ৰশ্নত শিক্ষা মন্ত্ৰীৰ উত্তৰ।

অহা ১০ নৱেম্বৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষা অনুষ্ঠিত হ’ব। কংগ্ৰেছ চৰকাৰে ২০১২ চনত পতা টে’ট পৰীক্ষাৰ পিছত বিজেপি চৰকাৰখনে পতা এইটো প্ৰথম টে’ট পৰীক্ষা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd