দেওবাৰে শিৱসাগৰৰ বাউলি পুখুৰী অঞ্চলত কৈৱৰ্ত ছাত্ৰ সন্থাৰ বাউলি পুখুৰী আঞ্চলিকৰ উদ্যোগত আৰু স্থানীয় কৈৱৰ্ত সমাজৰ সহযোগত গুৱাহাটীৰ চন্দ্ৰ প্ৰকাশনে প্ৰকাশ কৰা টে’ট পৰীক্ষাৰ প্ৰস্তুতি গাইড পুথিখন ৰাজহুৱাকৈ দাহ কৰে।
সংগঠনটোৰ অভিযোগ গাইড পুথিখনত থকা প্ৰশ্নোত্তৰত স্ত্ৰীলিংগ বুজাবলৈ জাতিগত অতি আপত্তিজনক তথা অসাংবিধানিক এটা শব্দ ব্যৱহাৰ কৰি সমস্ত কৈৱৰ্ত জাতিটোক অপমান কৰিছে।
সংগঠনটোৰ লগতে কৈৱৰ্ত সমাজে হাতে হাতে প্লেকাৰ্ড লৈ চন্দ্ৰ প্ৰকাশন হায় হায়, জাতিগত আপত্তিজনক শব্দ কিতাপৰ পৰা প্ৰত্যাহাৰ কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে, অসম চৰকাৰে নিষিদ্ধ কৰি থোৱা জাতিগত আপত্তিজনক শব্দ চন্দ্ৰ প্ৰকাশনে টে’ট গাইড পুথিত ব্যৱহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰবি কাশ্যপে আদালতত গোচৰ তৰিব বুলি জানিবলৈ দিয়ে।
তেওঁ কয়, শব্দ জগতত আন বহু শব্দ থকাৰ পাছতো কিয় চন্দ্ৰ প্ৰকাশন আৰু পুথিখনৰ লগত জড়িত শিক্ষাবিদ তথা লেখকে এটা জাতিক অপমানসূচকভাৱে ব্যৱহাৰ হোৱা আপত্তিজনক শব্দটো ব্যৱহাৰ কৰিলে সেই প্ৰশ্ন কৰিছে কৈৱৰ্ত ছাত্ৰ সন্থাই।