• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক শীঘ্ৰে নিযুক্তিৰ দাবী,অন্যথা আমৰণ অনশন

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
August 10, 2021 8:19 pm
a saun
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২০১৯ বৰ্ষৰ অসম টেটত জ’ন – ২ ( বিটিআৰ) হিচাপে উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্ত দিয়াৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে  সদৌ বিটিএডি প্ৰাথমিক অসম টেট – ২০১৯ উত্তীৰ্ণ সন্থাই ৷

অন্যথা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ উপৰিও আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে৷

Apply Now

শেহতীয়াকৈ  বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সভাপতি সুদেন বৰ্মনে কয় যে আমাক নিযুক্তি লাগে ৷ বিগত ২০১৯ চনত যি অসম টেট অনুষ্ঠিত হৈছিল সেই টেট পৰীক্ষাত জ’ন – ২ হিচাপে অৰ্থাৎ আমি বিটিআৰ জ’ন হিচাপে পৰীক্ষা দিছিলো আৰু উত্তীৰ্ণ হৈছিলো ৷

কিন্তু ২০১৯ বৰ্ষৰ টেট পৰীক্ষাৰ পিছত বিটিআৰৰ বাহিৰৰ জিলাসমূহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইতিমধ্যে নিযুক্তিৰ বাবে দুবাৰকৈ আবেদন কৰাৰ বাবে সুযোগ লাভ কৰিছে ৷ আনকি নিযুক্তি লাভ কৰি চাকৰিও কৰি আছে ৷ কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে বিটিআৰত নিযুক্তি প্ৰদান কৰা হোৱা নাই ৷ ফলত আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷

কিন্তু শেহতীয়াকৈ ২৮ জুলাইত বিটিআৰত শিক্ষক নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ পাইছে যদিও টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ তুলনাত একেবাৰে নগণ্য সংখ্যক পদৰ বাবেহে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ কেৱল ৪২৭ টা পদৰ বাবে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ সেয়ে আমি এই বিজ্ঞাপনকলৈ আনন্দিত নহও আৰু ইয়াৰ বিৰোধ কৰিছো ৷ কাৰণ এই বিজ্ঞাপনত যিসকলে ইতিমধ্যে ছমহীয়া ঠিকাভিত্তিক চাকৰি কৰি আছে তেওঁলোকক যোগ্যতাৰ ভিত্তিত তথা অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ দিয়া হৈছে ৷

গতিকে এই ব্যৱস্থাৰ ফলত আমি পুনৰ নিযুক্তি লাভৰ পৰা বঞ্চিত হ’ব লাগিব ৷ সেয়ে আমি বৰ্তমানৰ প্ৰমোদ বড়ো  নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰখনক  অনুৰোধ জনাইছো যাতে আমাক যি কোনো  প্ৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে আৰু সমাজত  যাতে আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ে ৷ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয় যে যি বিজ্ঞাপন প্ৰকাশ পাইছে তাত পূৰ্বৰ বিটিচি পৰিষদীয় চৰকাৰে ছয়মহীয়া যিসকল শিক্ষকক নিযুক্তি দিছিল তেওঁলোককহে যোগ্যতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰা হৈছে ৷

গতিকে এই ব্যৱস্থাৰ জৰিয়তে ২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক মানসিকভাৱে তথা ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে ৷ কাৰণ ২০১৭ বৰ্ষৰ পিছত এতিয়ালৈকে বিটিআৰত প্ৰাথমিক শিক্ষক নিযুক্তি হোৱা নাই আৰু আমি বিশেষ সূত্ৰে জানিব পাৰিছো যে এতিয়াও বিটিআৰত বহুতো প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ খালী হৈ আছে ৷

সেই ক্ষেত্ৰত ৪২৭ টা পদৰ বিজ্ঞাপন দি আমাক পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছে  ৷ আমাৰ দাবী যি কোনো প্ৰকাৰে আমাক নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ অন্যথা আমি বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সাজু আছো ৷ সেয়ে নিযুক্তৰ ক্ষেত্ৰত যদি বিটিচি পৰিষদীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে অতিশীঘ্ৰে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি ইয়াৰ ফলত যদি কিবা পৰিৱেশ – পৰিস্থিতি বিনষ্ট হয় তেতিয়াহলে তাৰ কাৰণে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো জগৰীয়া হ’ব ৷আমি জগৰীয়া নহও ৷

কাৰণ আমি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বৰে পৰা তেওঁৰ সৈতে যোগাযোগ কৰি আহিছিলো আৰু সাক্ষাৎ কৰি বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলো ৷ তেওঁ আমাক নিযুক্তি দিয়াৰ আশ্বাস প্ৰদানো কৰিছিল ৷ কিন্তু শেহতীয়াকৈ যি বিজ্ঞাপন প্ৰকাশ কৰিছে সেই বিজ্ঞাপনে আমাক মানসিকভাৱে হতাশ কৰি তুলিছে,  আমাক ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে আৰু আমাৰ যোগ্যতাক ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হৈছে ৷

সেয়ে বিটিচি পৰিষদীয় চৰকাৰক সময় থাকোতে আমাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো ৷ অন্যথা পিছলৈ পৰিস্থিতি ভয়ংকৰ হ’ব ৷ সংবাদ মেলত সন্থাৰ সম্পাদক অনচাই বসুমতাৰীকে ধৰি কেইবাগৰাকীও  বিষয়ববীয়া উপস্থিত আছিল ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd