DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক শীঘ্ৰে নিযুক্তিৰ দাবী,অন্যথা আমৰণ অনশন

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
August 10, 2021 8:19 pm
a saun
134
VIEWS
Share on FacebookShare on Twitter

বিগত ২০১৯ বৰ্ষৰ অসম টেটত জ’ন – ২ ( বিটিআৰ) হিচাপে উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্ত দিয়াৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে  সদৌ বিটিএডি প্ৰাথমিক অসম টেট – ২০১৯ উত্তীৰ্ণ সন্থাই ৷

অন্যথা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ উপৰিও আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে৷

শেহতীয়াকৈ  বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সভাপতি সুদেন বৰ্মনে কয় যে আমাক নিযুক্তি লাগে ৷ বিগত ২০১৯ চনত যি অসম টেট অনুষ্ঠিত হৈছিল সেই টেট পৰীক্ষাত জ’ন – ২ হিচাপে অৰ্থাৎ আমি বিটিআৰ জ’ন হিচাপে পৰীক্ষা দিছিলো আৰু উত্তীৰ্ণ হৈছিলো ৷

কিন্তু ২০১৯ বৰ্ষৰ টেট পৰীক্ষাৰ পিছত বিটিআৰৰ বাহিৰৰ জিলাসমূহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইতিমধ্যে নিযুক্তিৰ বাবে দুবাৰকৈ আবেদন কৰাৰ বাবে সুযোগ লাভ কৰিছে ৷ আনকি নিযুক্তি লাভ কৰি চাকৰিও কৰি আছে ৷ কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে বিটিআৰত নিযুক্তি প্ৰদান কৰা হোৱা নাই ৷ ফলত আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷

কিন্তু শেহতীয়াকৈ ২৮ জুলাইত বিটিআৰত শিক্ষক নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ পাইছে যদিও টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ তুলনাত একেবাৰে নগণ্য সংখ্যক পদৰ বাবেহে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ কেৱল ৪২৭ টা পদৰ বাবে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ সেয়ে আমি এই বিজ্ঞাপনকলৈ আনন্দিত নহও আৰু ইয়াৰ বিৰোধ কৰিছো ৷ কাৰণ এই বিজ্ঞাপনত যিসকলে ইতিমধ্যে ছমহীয়া ঠিকাভিত্তিক চাকৰি কৰি আছে তেওঁলোকক যোগ্যতাৰ ভিত্তিত তথা অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ দিয়া হৈছে ৷

গতিকে এই ব্যৱস্থাৰ ফলত আমি পুনৰ নিযুক্তি লাভৰ পৰা বঞ্চিত হ’ব লাগিব ৷ সেয়ে আমি বৰ্তমানৰ প্ৰমোদ বড়ো  নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰখনক  অনুৰোধ জনাইছো যাতে আমাক যি কোনো  প্ৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে আৰু সমাজত  যাতে আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ে ৷ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয় যে যি বিজ্ঞাপন প্ৰকাশ পাইছে তাত পূৰ্বৰ বিটিচি পৰিষদীয় চৰকাৰে ছয়মহীয়া যিসকল শিক্ষকক নিযুক্তি দিছিল তেওঁলোককহে যোগ্যতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰা হৈছে ৷

গতিকে এই ব্যৱস্থাৰ জৰিয়তে ২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক মানসিকভাৱে তথা ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে ৷ কাৰণ ২০১৭ বৰ্ষৰ পিছত এতিয়ালৈকে বিটিআৰত প্ৰাথমিক শিক্ষক নিযুক্তি হোৱা নাই আৰু আমি বিশেষ সূত্ৰে জানিব পাৰিছো যে এতিয়াও বিটিআৰত বহুতো প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ খালী হৈ আছে ৷

সেই ক্ষেত্ৰত ৪২৭ টা পদৰ বিজ্ঞাপন দি আমাক পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছে  ৷ আমাৰ দাবী যি কোনো প্ৰকাৰে আমাক নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ অন্যথা আমি বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সাজু আছো ৷ সেয়ে নিযুক্তৰ ক্ষেত্ৰত যদি বিটিচি পৰিষদীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে অতিশীঘ্ৰে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি ইয়াৰ ফলত যদি কিবা পৰিৱেশ – পৰিস্থিতি বিনষ্ট হয় তেতিয়াহলে তাৰ কাৰণে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো জগৰীয়া হ’ব ৷আমি জগৰীয়া নহও ৷

কাৰণ আমি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বৰে পৰা তেওঁৰ সৈতে যোগাযোগ কৰি আহিছিলো আৰু সাক্ষাৎ কৰি বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলো ৷ তেওঁ আমাক নিযুক্তি দিয়াৰ আশ্বাস প্ৰদানো কৰিছিল ৷ কিন্তু শেহতীয়াকৈ যি বিজ্ঞাপন প্ৰকাশ কৰিছে সেই বিজ্ঞাপনে আমাক মানসিকভাৱে হতাশ কৰি তুলিছে,  আমাক ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে আৰু আমাৰ যোগ্যতাক ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হৈছে ৷

সেয়ে বিটিচি পৰিষদীয় চৰকাৰক সময় থাকোতে আমাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো ৷ অন্যথা পিছলৈ পৰিস্থিতি ভয়ংকৰ হ’ব ৷ সংবাদ মেলত সন্থাৰ সম্পাদক অনচাই বসুমতাৰীকে ধৰি কেইবাগৰাকীও  বিষয়ববীয়া উপস্থিত আছিল ৷

Recent News

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd