চৰকাৰৰ ৰঙা চকুলৈ কেৰেপ নকৰি ‘দিচপুৰ চলো’ কাৰ্যসূচী লৈ ৰাজপথত শিক্ষক
অসম চৰকাৰৰ ভাবুকিলৈ কেৰেপ নকৰি টে’ট উত্তীৰ্ণ শিক্ষকসকলে শনিবাৰে পুৱাই তেওঁলোকৰ ‘দিচপুৰ চলো’ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ওলাই আহে। শিক্ষকসকলে তেওঁলোকৰ চুক্তিবদ্ধ চাকৰি নিয়মীয়াকৰণৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিছে।
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ প্ৰতিবাদকাৰী শিক্ষকসকল সমবেত হৈছে আৰু তাৰপৰাই তেওঁলোকে দিচপুৰলৈ প্ৰতিবাদী সমদল কৰি যাত্ৰা কৰিব। ইতিমধ্যে, প্ৰতিবাদকাৰী শিক্ষকসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। আনকি হাতত কেঁচুৱা লৈয়ো প্ৰতিবাদলৈ আহিছে টে’ট শিক্ষয়িত্ৰী।
উল্লেখযোগ্য যে, বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত আন্দোলন কৰি অহা টে’ট শিক্ষকসকলে বৃ্হস্পতিবাৰে পুনৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সৈতে আলোচনাত মিলিত হৈছিল।
আলোচনাৰ অন্তত শিক্ষা মন্ত্ৰীয়ে এই আলোচনাক সৌহাৰ্দ্যমূলক আখ্যা দিয়াৰ বিপৰীতে মূল দাবী ‘বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ’ বিষয়ৰ পৰা শিক্ষা মন্ত্ৰী আঁতৰি থকাত একাংশ টে’ট শিক্ষকে ইয়াক বিফল বুলি আখ্যা দিয়ে।
এক সূত্ৰই জানিবলৈ দিয়া মতে আজিৰ প্ৰতিবাদত অংশগ্ৰহণ নকৰে অনুসূচিত জাতি-জনজাতি টে’ট শিক্ষক সন্থা আৰু ষ্টে’ট পুল টে’ট শিক্ষকে। অৱশ্যে ১১ হাজাৰ ষ্টেট পুল টে’ট শিক্ষকৰ ৬,৫০০ গৰাকী টে’ট শিক্ষক প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ লগতে থকা বুলি দাবী কৰিছে সূত্ৰটোৱে।
অৱশ্যে, বিভাজন হ’ল যদিও ষ্টেট পুল টে’ট শিক্ষকৰ ধুবুৰী জিলা সমিতি, বিশ্বনাথ জিলা কমিটিকে ধৰি অন্য কেইবাখনো জিলা সমিতিয়ে শনিবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে অহা বুলি জানিব পৰা গৈছে।