DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি-বেতন নিয়মীয়াকৰণৰ দাবীত মাৰ্ঘেৰিটাত টে’ট শিক্ষকৰ অৱস্থান ধৰ্মঘট; স্মাৰকপত্ৰ প্ৰেৰণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 13, 2019 4:49 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

’সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ’ৰ আহ্বানমৰ্মে মাৰ্ঘেৰিটা ব্লক প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজেও মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসমৰ প্ৰতিটো প্ৰাথমিক শিক্ষাখণ্ডত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

‘ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক, শিক্ষকসকলক লৈ ৰাজনীতি নকৰিব, শিক্ষকসকলক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে কোনে, আমাৰ দাবী ন্যায্য দাবী’ আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে  পৰিৱেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা ব্লক প্ৰাাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই সাংবাদিকৰ আগত কয় যে, ‘টে’ট শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক। আমাক আৰ টি ই  মতে নিযুক্তি দিছিল। এন চি টি ইৰ সকলো নীতি আমি মানি চাকৰি পাইছো৷’

‘আমাক অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত নিবলৈ কেন্দ্ৰই বাৰে বাৰে কৈ আছে যদিও আজিলৈ নিয়া নাই আৰু সৰ্বশিক্ষাৰ অধীনতে আমাক কৰ্মৰত কৰি ৰাখিছে। যিটো পেব্ ( নতুন দৰমহা বিধি) অনুযায়ী নোৱাৰে। আমাক নিয়মীয়াকৰণ হে লাগে। ইয়াৰ বাবে চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মতে ব্যৱস্থা লওক।’ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই কয়।

আনহাতে মাইনোটচৰ সন্দৰ্ভত ব্লক সমিতিৰ সভাপতি অনুপম বৰুৱা কয় যে, ‘শিক্ষা মন্ত্ৰীয়ে দুজনমান বিশেষ টেট্ শিক্ষকৰ লগত আলোচনা কৰি যিখন মাইনোটচ্ উলিয়াইছে, তাত টেট্ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কোনো কথা কোৱা হোৱা নাই। মূল আৰু একমাত্ৰ দাবীটো নথকা বাবে সেই মাইনোটচ আমি গ্ৰহণ কৰিব নোৱাৰো।’

প্ৰতিবাদী কাৰ্যসূচীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সংস্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম কৰ্মচাৰী পৰিষদ, মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা আদি সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি শিক্ষকসকলৰ নিয়মীয়াকৰনৰ দাবী উত্থাপন কৰে।

পিছত অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই সভাপতি অনুপম বৰুৱা আৰু সম্পাদক নিৰঞ্জন শইকীয়া স্বাক্ষৰিত একোখনকৈ স্মাৰকপত্ৰ মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd