• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰি-বেতন নিয়মীয়াকৰণৰ দাবীত মাৰ্ঘেৰিটাত টে’ট শিক্ষকৰ অৱস্থান ধৰ্মঘট; স্মাৰকপত্ৰ প্ৰেৰণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 13, 2019 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

’সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ’ৰ আহ্বানমৰ্মে মাৰ্ঘেৰিটা ব্লক প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজেও মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসমৰ প্ৰতিটো প্ৰাথমিক শিক্ষাখণ্ডত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

‘ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক, শিক্ষকসকলক লৈ ৰাজনীতি নকৰিব, শিক্ষকসকলক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে কোনে, আমাৰ দাবী ন্যায্য দাবী’ আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে  পৰিৱেশ উত্তাল কৰি তোলে।

Apply Now

মাৰ্ঘেৰিটা ব্লক প্ৰাাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই সাংবাদিকৰ আগত কয় যে, ‘টে’ট শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক। আমাক আৰ টি ই  মতে নিযুক্তি দিছিল। এন চি টি ইৰ সকলো নীতি আমি মানি চাকৰি পাইছো৷’

‘আমাক অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত নিবলৈ কেন্দ্ৰই বাৰে বাৰে কৈ আছে যদিও আজিলৈ নিয়া নাই আৰু সৰ্বশিক্ষাৰ অধীনতে আমাক কৰ্মৰত কৰি ৰাখিছে। যিটো পেব্ ( নতুন দৰমহা বিধি) অনুযায়ী নোৱাৰে। আমাক নিয়মীয়াকৰণ হে লাগে। ইয়াৰ বাবে চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মতে ব্যৱস্থা লওক।’ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই কয়।

আনহাতে মাইনোটচৰ সন্দৰ্ভত ব্লক সমিতিৰ সভাপতি অনুপম বৰুৱা কয় যে, ‘শিক্ষা মন্ত্ৰীয়ে দুজনমান বিশেষ টেট্ শিক্ষকৰ লগত আলোচনা কৰি যিখন মাইনোটচ্ উলিয়াইছে, তাত টেট্ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কোনো কথা কোৱা হোৱা নাই। মূল আৰু একমাত্ৰ দাবীটো নথকা বাবে সেই মাইনোটচ আমি গ্ৰহণ কৰিব নোৱাৰো।’

প্ৰতিবাদী কাৰ্যসূচীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সংস্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম কৰ্মচাৰী পৰিষদ, মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা আদি সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি শিক্ষকসকলৰ নিয়মীয়াকৰনৰ দাবী উত্থাপন কৰে।

পিছত অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই সভাপতি অনুপম বৰুৱা আৰু সম্পাদক নিৰঞ্জন শইকীয়া স্বাক্ষৰিত একোখনকৈ স্মাৰকপত্ৰ মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd