কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আইআইটি গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কাম-কাজক লৈ চলি থকা সংকট আৰু বিভিন্ন অভিযোগৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰাৰ সময়তে এই নিযুক্তিৰ কথা ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা এক চৰকাৰী পত্ৰ মৰ্মে, বৰ্তমান আইআইটি গুৱাহাটীৰ অধ্যাপক দাসক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁৰ সেৱাৰ চৰ্তসমূহ তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন, বিধি আৰু অধ্যাদেশৰ দ্বাৰা পৰিচালিত হ’ব।
উক্ত কাৰ্যালয় স্মাৰক অনুসৰি, তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যক সকলো চৰকাৰী দায়িত্বৰ পৰা অব্যাহতি দি তৎকালীনভাৱে ছুটী ল’বলৈ নিৰ্দেশ দিয়া হৈছে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁ ছুটীত থাকিব লাগিব। পূৰ্বে দাখিল কৰা তথ্য অনুসন্ধানকাৰী কমিটিৰ প্ৰতিবেদন আৰু তাত থকা পৰামৰ্শসমূহৰ বিস্তৃত তদন্তৰ দায়িত্ব এই সমিতিখনক দিয়া হৈছে। ইয়াৰোপৰি, বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা সাম্প্ৰতিক সংকট, কৰ্মচাৰীৰ পদত্যাগ আৰু অভিযোগসমূহো সমিতিখনে পৰীক্ষা কৰিব।
তদন্ত সমিতিক বিশ্ববিদ্যালয় চৌহদ ভ্ৰমণ, অংশীদাৰসকলৰ সৈতে সাক্ষাৎ আৰু প্ৰাসংগিক নথি-পত্ৰ পৰ্যালোচনা কৰাৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। সমিতিখনক সৰ্বাধিক তিনি মাহৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগে সমিতিখনক আৱশ্যকীয় সাচিবিক সাহায্য প্ৰদান কৰিব আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।





