• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ: প্ৰশাসনৰ দুৰ্নীতি-গাফিলতিৰ বিৰুদ্ধে সন্মিলিত প্ৰতিবাদী সমদল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 2:32 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 তেজপুৰ বিশ্ববিদ্যালয়ৰ (Tezpur University) নাগৰিক অধিকাৰ আন্দোলনৰ কাৰ্যসূচীয়ে ৩৮ সংখ্যক দিনত ভৰি দিলে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক আৰু অনা-শিক্ষক কৰ্মচাৰীসকলে সন্মিলিতভাৱে ক’লা পোছাক পৰিধান কৰি এক বিশাল প্ৰতিবাদী সমদল উলিয়াই শিক্ষানুষ্ঠানখনৰ প্ৰশাসনৰ দুৰ্নীতি আৰু গাফিলতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থা (TUTA) আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰী সন্থা (TUNTEA)ৰ সদস্যসকলৰ সৈতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ক’লা পোছাক আৰু মুখত মাস্ক পৰিধান কৰি এক শান্তিপূৰ্ণ সমদল উলিয়ায়।

Apply Now

প্ৰতিবাদকাৰীসকলে ব্যাখ্যা কৰে যে ক’লা ৰংটোৱে প্ৰশাসনিক অন্যায়ৰ বিৰুদ্ধে শোক আৰু প্ৰতিৰোধক প্ৰদৰ্শন কৰাৰ বিপৰীতে, মাস্কসমূহে বিশ্ববিদ্যালয় প্ৰশাসনৰ বিগত ডেৰ-দুবছৰ ধৰি চলি থকা গুৰুতৰ অনিয়ম লুকুৱাই ৰখা আৰু জবাবদিহিতাৰ অভাৱক প্ৰদৰ্শন কৰিছে বুলি তেওঁলোকে উল্লেখ কৰে।

অংশগ্ৰহণকাৰীসকলে পুনৰ কয় যে এই প্ৰতিবাদ কোনো হঠাতে হোৱা ঘটনা নহয়, বৰঞ্চ স্বচ্ছতা, সততা, আৰু নৈতিক নেতৃত্বৰ দাবীত তেওঁলোকৰ এমাহজোৰা আন্দোলনৰ এক ধাৰাবাহিকতা। তেওঁলোকে অভিযোগ কৰে যে প্ৰশাসন দুৰ্নীতিত লিপ্ত হোৱাৰ ফলত শৈক্ষিক কাৰ্যকলাপ আৰু প্ৰতিষ্ঠানিক বিশ্বাসযোগ্যতা ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবাদকাৰীসকলে “সৌন্দৰ্য্য”ৰ নামত বৃহৎ পৰিসৰৰ পৰিৱেশ ক্ষতিৰ বিষয়েও গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে দাবী কৰে যে কোনো পৰামৰ্শ বা পৰিৱেশ মূল্যায়ন অবিহনেই বিশ্ববিদ্যালয়খনৰ মূল্যৱান গছ আৰু প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰা হৈছে।

গোটেই পদযাত্ৰাটোত প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড লৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু তেওঁলোকে দৃঢ়তাৰে কয় যে সত্য এদিন নহয় এদিন উদ্ভাসিত হ’বই, কাৰণ সত্যক চিৰদিনৰ বাবে লুকুৱাই ৰাখিব নোৱাৰে।

শিক্ষক সমাজ আৰু ছাত্ৰ সমাজৰ হৈ দিয়া এক যৌথ বিবৃতিত কোৱা হয় যে এই আন্দোলনটো তেজপুৰ বিশ্ববিদ্যালয়ত “সততা, জবাবদিহিতা, আৰু নৈতিক শাসন ব্যৱস্থা পুনৰুদ্ধাৰ”ৰ বাবে এক সামূহিক সংগ্ৰাম।

বিশ্ববিদ্যালয়খনে ন্যায় লাভ নকৰালৈকে আৰু প্ৰতিষ্ঠানটোৰ মৰ্যাদা সম্পূৰ্ণৰূপে ঘূৰি নহালৈকে এই শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকিব বুলি আন্দোলনকাৰীসকলে দৃঢ়তাৰে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd