DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৃতীয় মৰ্চা গঠনৰ বাবে তৎপৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, নীতিশ কুমাৰক কৰিলে সাক্ষাৎ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 1, 2022 8:06 am
99
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বিজেপি বিৰোধী তৃতীয় মৰ্চা গঠনৰ বাবে তৎপৰ হৈ পৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগৰে পৰা ৰাৱে মমতা বেনাৰ্জীকে ধৰি বহু ৰাজনীতিকক সাক্ষাৎ কৰি আহিছে। শেহতীয়াকৈ তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰি বিজেপি বিৰোধী ঐক্য গঠনৰ প্ৰক্ৰিয়াক আগুৱাই নিব বিচাৰিছে।

তেওঁ সকলোকে “বিজেপি মুক্ত ভাৰত” সৃষ্টিত অৰিহণা যোগাবলৈ আহ্বান জনায়। দেশখনে সন্মুখীন হোৱা সমস্যাৰ বাবে কেন্দ্ৰৰ গেৰুৱা দলৰ চৰকাৰকে দোষাৰোপ কৰে ৰাৱে।

পাটনাত নীতিশ কুমাৰৰ সৈতে একেলগে অংশগ্ৰহণ কৰা এখন সংবাদমেলত ৰাৱে নীতিশ কুমাৰক “বড়ে ভাই” (ডাঙৰ ভাতৃ) বুলি অভিহিত কৰে। ৰাৱে ঐক্যবদ্ধ বিৰোধীদলৰ নেতৃত্ব কোনে ল’ব আৰু কংগ্ৰেছক লগত লোৱা হ’ব নে নাই সেই সম্পৰ্কীয় প্ৰশ্নৰো উত্তৰ দিয়ে।

সংবাদমেলত ৰাৱে কয়”এই বিষয়বোৰ যথা সময়ত নিৰ্ণয় কৰা হ’ব। আমি কোনো খৰখেদা নকৰোঁ”।

ৰাৱে মোদীৰ চৰকাৰে কোনো বিৰোধী দলৰ সৈতে আলোচনা নকৰাকৈ সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে “অগ্নিপথ” আঁচনি গ্ৰহণ কৰা বুলি আজি পুনৰবাৰ অভিযোগ কৰে।

“কেচিআৰ” নামেৰে জনাজাত টিআৰএছৰ মুৰব্বীগৰাকীয়ে বিহাৰৰ বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ দাবী “প্ৰত্যাখ্যান” কৰাৰ বাবে বিজেপিক সমালোচনা কৰে।চৰকাৰী প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণৰ বাবে আৰু ৰাজ্যসমূহৰ উদ্বেগৰ প্ৰতি উদাসীনতা দেখুওৱাৰ বাবেও কেন্দ্ৰক তেওঁ সমালোচনা কৰে।

উল্লেখ্য কেচিআৰে বহু বছৰ আগতে আমেৰিকা ভ্ৰমণৰ সময়ত “আব কি বাৰ ট্ৰাম্প চৰকাৰ” উচ্চাৰণ কৰাৰ বাবে মোডীক উপহাস কৰিছিল, ইয়াক “কূটনৈতিক ভুল” বুলি অভিহিত কৰিছিল। সংবাদমেলত ৰাৱে কয়, “নীতিশ কুমাৰ দেশৰ জ্যেষ্ঠতম আৰু শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰৰে এজন।

অৱশ্যে গুৰুত্বপূৰ্ণ বিষয়বোৰ সন্দৰ্ভত পিছত সিদ্ধান্ত লম”। উল্লেখ্য ভাৰতক বিজেপি মুক্ত কৰি তোলাৰ বাবে দেশৰ বহু অনা-বিজেপি দলে একত্ৰিত হোৱাৰ আখৰা চলাই আছে। অৱশ্যে সেয়া এতিয়াও মজবুত হৈ উঠা নাই। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে তৃতীয় মৰ্চা গঠন হ’লে বিহাৰকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত বিজেপি শলঠেকত পৰিব বুলি ধাৰণা কৰা হৈছে।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd