শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্রৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” পদক্ষেপৰ অংশস্বৰূপে শিৱসাগৰ জিলা প্ৰশাসনৰ আমন্ত্ৰণ ৰক্ষা কৰি সুদূৰ চীনদেশ আৰু থাইলেণ্ডৰ ২১ গৰাকী শিল্পীৰ এটি দলে সোমবাৰে অৰ্থাৎ ৪ নৱেম্বৰত শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন পৰ্যটন থলী পৰিদৰ্শন কৰে।
শিৱদৌল, শিৱসাগৰ পুখুৰী, ৰংঘৰ, তলাতল ঘৰ, ন-পুখুৰী আদি ঐতিহাসিক পৰ্যটনথলী সমূহ পৰিদৰ্শন কৰি দলটোৱে জিলাখনৰ ঐতিহ্য-সংস্কৃতিৰ বিষয়ে আভাস লয়।
উল্লেখযোগ্য যে বিশিষ্ট লোকশিল্পী জিনা ৰাজকুমাৰীৰ উদ্যোগত তথা বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰ আৰু সমৃদ্ধিৰ সহযোগত এই শিল্পীৰ দলটিয়ে যোৱা ১ নৱেম্বৰৰ পৰা যোৰহাটত অৱস্থিত চ্যুকাফা সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা ‘দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী’ত অংশগ্ৰহণ কৰিবলৈ আহিছে। এই সন্মিলন অহা ৮ নৱেম্বৰত সামৰণি পৰিব।
শিৱসাগৰ জিলাৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই শিল্পীসকলৰ আগমনত উষ্ম আদৰণি জনায়। দুপৰীয়া বিদেশী শিল্পীৰ দলটিয়ে ৰুদ্ৰসাগৰস্থিত অসম পৰ্যটন প্ৰকল্পত থলুৱা-পৰম্পৰাগত খাদ্য-সম্ভাৰৰ জুতি লয়। তেওঁলোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা আতিথ্যৰ বাবে আন্তৰিকতাৰে শলাগ লয়।
ইয়াৰ পিছত অসম পৰ্যটন প্ৰকল্প প্ৰাংগণত চীনা আৰু থাই শিল্পী সকলে সুমধুৰ সংগীত আৰু মনোমোহা নৃত্য পৰিবেশনৰ দ্বাৰা উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে।
এই অনুষ্ঠানত য়ুনিচেফৰ অধীনস্থ জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ উদ্যোগত জিলাখনৰ ভালেসংখ্যক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীয়ে দিহানাম আৰু জিকিৰৰ মাধ্যমেৰে সুৰা তথা অন্যান্য মাদক দ্ৰব্যৰ ভয়াবহতা আৰু ইণ্টাৰনেটৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে সজাগতমূলক সংগীতানুষ্ঠান পৰিবেশন কৰে।
উপস্থিত শিল্পীসকলৰ অনুৰোধ ৰক্ষা কৰি জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই কৰ্ণাটকী শাস্ত্ৰীয় সংগীত পৰিবেশন কৰে।
ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে তেওঁ জিলাখনৰ পৰ্যটন উদ্যোগৰ প্ৰসাৰ আৰু বিকাশৰ লক্ষ্যৰে আৰম্ভ কৰা ‘Soulful Sivasagar’ অভিযানৰ বিষয়ে বিতংকৈ অৱগত কৰে।