• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুন চেন আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পায়েটংটাৰ্ন শ্বিনাৱাট্ৰাৰ মাজত হোৱা বাৰ্তালাপৰ অডিঅ’ ফাদিল হোৱাৰ পিছতে থাইলেণ্ডৰ মিত্ৰজোঁটৰ চৰকাৰখন অস্থিৰ হৈ পৰিছে।

 ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ছ’চিয়েল মিডিয়াত ফাদিল হোৱা ১৭ মিনিটৰ ফোন কথোপকথন ভাইৰেল হোৱাৰ পিছৰে পৰা বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই আহিছে।

Apply Now

শ্বিনাৱাট্ৰাই প্ৰথমে সীমা বিবাদক লৈ হুন চেনৰ সৈতে আলোচনাত মিলিত হৈছিল। মে’ মাহত থাইলেণ্ড-কম্বোডিয়া সীমান্তত সংঘটিত হোৱা সংঘৰ্ষত এজন কম্বোডিয়ান জোৱান নিহত হোৱাৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়। ফলত দুয়োখন দেশে ইখনে সিখনৰ বিৰুদ্ধে একাধিক নিষেধাজ্ঞা আৰোপ কৰে।

থাইলেণ্ডৰ পৰা কম্বোডিয়ালৈ ফল-মূল, শাক-পাচলি, বিদ্যুৎ আৰু ইণ্টাৰনেটৰ যোগান বৰ্তমান বন্ধ হৈ আছে। একে সময়তে কম্বোডিয়াই থাইলেণ্ডৰ টেলিভিছন, নাটক আৰু ছবিৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিছে। সীমান্তত সেই সংঘৰ্ষৰ পৰাই সমস্যা আৰম্ভ হৈছিল।

ফাদিল হোৱা অডিঅ’টোত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এজন সামৰিক সেনাধ্যক্ষক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে বা বৰ্খাস্ত কৰিবলৈ ওলাইছে বুলি কোৱা শুনা গৈছে। শ্বিনাৱাট্ৰাই মন্তব্য কৰে যে বিষয়াজনে পৰিস্থিতি “শান্ত দেখুৱাব বিচাৰিছিল” আৰু কিছুমান “ভুল বক্তব্য” দিছিল। তেওঁ এই কথোপকথনক “আলোচনাৰ কৌশল” বুলি ব্যাখ্যা কৰিছে।

ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি এই ফোনটো শ্বিনাৱাত্ৰাৰ নিজৰ ফোনটোৰ পৰা কৰা হৈছিল আৰু তেওঁ এই ফোন ৰেকৰ্ডিং হৈছে বা লিক হ’ব বুলি জনা নাছিল। অৱশ্যে বৰ্তমান চৰকাৰে সামৰিক বাহিনীৰ সৈতে সম্পূৰ্ণ সমন্বয়ৰে কাম কৰিব বিচাৰিছে বুলিও তেওঁ কয়।

কিন্তু বিৰোধীয়ে এই ফোন কথোপকথন থাইলেণ্ডৰ সেনাবাহিনীক অপমান বুলি ভাবে আৰু শ্বিনাৱাত্ৰাৰ পদত্যাগৰ দাবী জনাইছে। তেওঁলোকৰ অভিযোগ যে এই ফোনালাপে থাইলেণ্ডৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইপিনে, বুধবাৰে শ্বিনাৱাত্ৰাৰ শাসকীয় মিত্ৰজোঁটৰ দ্বিতীয় বৃহত্তম দল ভুমজাইথাই মিত্ৰজোঁট এৰি যোৱাৰ ফলত সংসদত ফেউ থাই পাৰ্টিৰ স্থিতি দুৰ্বল হৈ পৰে।

অৱশ্যে ভূমজাইথাই যোৱাৰ পাছতো ফেউ থাই পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিছে। কিন্তু যদি আন এটা দলে মিত্ৰজোঁট ত্যাগ কৰে তেন্তে তেওঁলোকে চৰকাৰ গঠনৰ বাবে সাংবিধানিক সংখ্যা হেৰুৱাব পাৰে।

এনে পৰিস্থিতিত আজি (বৃহস্পতিবাৰ) মিত্ৰজোঁটৰ আন দুটা দলৰ সৈতে শ্বিনাৱাত্ৰাৰ দলে জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে। কিন্তু বিশ্লেষকসকলৰ মতে যদি আলোচনা ফলপ্ৰসু নহয় তেন্তে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd