সংসদ চলি থকাৰ সময়তে পৰ্ণ ছবি চোৱাত ব্যস্ত সাংসদ, ধৰা পৰি কটা গ’ল নাক

porn

সংসদ ভৱনৰ ভিতৰত তেতিয়া কৃষকৰ সমস্যা সন্দৰ্ভত আলোচনা চলি আছে।

বিৰোধীৰ সাংসদসকল ব্যস্ত শাসকীয় পক্ষক তুলাধুনা দিয়াত।

শাসকীয় পক্ষ আৰু বিৰোধীৰ বাক যুদ্ধত উত্তপ্ত হৈ পৰিছে সংসদ ভৱনৰ পৰিবেশ ।

কিন্তু সেইবোৰলৈ কোনো গুৰুত্ব নাই এজন সাংসদৰ।

সংসদত বাজেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ সময়তে এই গৰাকী সাংসদ ব্যস্ত নিজৰ মোবাইল ফোনত পৰ্ণ ছবি চোৱাত।

সাংসদগৰাকীয়ে ইমান একান্ত মনেৰে পৰ্ণ ছবি চাইছে যে এটা সময়ত উত্তেজনাত তেওঁ পিন্ধি থকা মুখা খনো খুলি পেলাইছে।

অথচ পূৰ্বেই কোৱা হৈছিল যে সংসদ ভৱনৰ ভিতৰত প্ৰতি গৰাকী সাংসদেই মুখা পৰিধান কৰি থকাটো বাধ্যতামূলক।

এনেদৰে প্ৰায় ১০ মিনিট সময় সংসদ ভৱনৰ ভিতৰতে পৰ্ণ ছবি চোৱা সাংসদ গৰাকী পিছে চিচিটিভি কেমেৰাৰ পৰা সাৰি নগ’ল।

সাংসদ গৰাকীয়ে পৰ্ণ ছবি চাই থকাৰ সমগ্ৰ দৃশ্য বন্দী হ’ল সংসদ ভৱনৰ চিচিটিভি কেমেৰাত।

সেই দৃশ্যই এতিয়া হৈ পৰিছে ভাইৰেল।

ফলত লাজত সাংসদগৰাকীৰ অৱস্থা হৈছেগৈ ফাট মেলা বসুমতী পাতালে লুকাওৰ লেখীয়া।

স্পষ্টীকৰণ দি তেওঁ কৈছে যে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ বলি হোৱা বুলি তেওঁক অভিযোগ দিছিল।

মহিলা গৰাকীৰ কথা কিমান সঁচা সেয়াহে তেওঁ পৰীক্ষা কৰি চাইছিল।

কিন্তু সাংসদৰ কথাত বিশ্বাস কৰা নাই কোনেও।

সকলোৱে দিছে তেওঁক ধিক্কাৰ। পিছে ঘটনাটো ভাৰতৰ নহয়,থাইলেণ্ডৰহে।

থাইলেণ্ডৰ সংসদত বাজেট অধিৱেশনৰ সময়ত পৰ্ণ ছবি চোৱা সাংসদ গৰাকী হৈছে ৰোনথেপ অনুওৱাত।