প্ৰতিবাদৰ ওচৰত সেও মানিলে চৰকাৰে, থাইলেণ্ডৰ পৰা প্ৰত্যাহাৰ জৰুৰী অৱস্থা

a thailand

অৱশেষত জনতাৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে থাইলেণ্ডৰ চৰকাৰে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰায়ুথ-চান-ওচাৱে আজি দেশ কনৰ পৰা জৰুৰী অৱস্থা প্ৰত্যহাৰ কৰাৰ কথা ঘোষণা কৰে ।

প্ৰায় এমাহ পূৰ্বে থাইলেণ্ডত চৰকাৰ বিৰোধী প্ৰতিবাদ মষিমূৰ কৰাৰ লক্ষ্যৰে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে দেশ খনৰ জনতাক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।

ইপিনে দেশ কনৰ প্ৰতিবাদী জনতাই তিনি দিনৰ ভিতৰত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছে। অন্যথা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰতিবাদকাৰীসকলে সকিয়াই দিছে।

উল্লেখ্য থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ লগতে ৰাজতন্ত্ৰৰ সংস্কাৰৰ দাবীত বিগত কিছুদিন ধৰি দেশ খনৰ ছাত্ৰ সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ।

থাইলেণ্ডৰ ৰজা ভাজিৰালাংকৰ্ণৰ বিলাসী জীৱনৰ কথা প্ৰচাৰ হোৱাৰ পিছতে অধিক উত্তেজিত হৈ পৰিছে থাই জনতা ।

থাইলেণ্ডৰ ৰজাই ২০১৬ চনৰে পৰাই নিজৰ দেশ এৰি জাৰ্মানীত থাকিবলৈ লোৱাৰ লগতে তাত কটাই আছে বিলাসী জীৱন।

দেশ খনত ৰাজতন্ত্ৰৰ সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে  বুলি ছাত্র সমাজে মন্তব্য কৰিছে।

ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককত  প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গৰম পানী মাৰি পঠিওৱাৰ ঘটনাও ঘটিছে।

ইমানৰ পিছতো প্ৰতিবাদী ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰক্ষী।

ইপিনে প্ৰতিবাদৰ জুই বিভিন্ন স্থানলৈ বিয়পি পৰাৰ আশংকা কৰি প্ৰশাসনে  থাইলেণ্ডত বন্ধ কৰি দিয়া হৈছে চাৰিটাকৈ সংবাদ প্ৰতিষ্ঠান।

একেদৰে প্ৰতিবাদী ছাত্ৰসকলৰ ফেচবুক পেজো চৰকাৰে বন্ধ কৰি দিছে।

উক্ত ফেচবুক পেজত ছাত্ৰসকলে ৰজা ভাজিৰালাংকৰ্ণই জাৰ্মানীত কটাই থকা বিলাসী জীৱনৰ বহু ছবি প্ৰকাশ কৰিছিল।