• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মানৱতাৰ চূড়ান্ত স্খলন: ১০ মাহ ধৰি শৌচালয়ত আৱদ্ধ বোৱাৰীক পাশৱিক নিৰ্যাতন, খাবলৈ দিয়া হৈছিল কেঁচা চাউল আৰু পিঁয়াজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 8:44 am
102
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ পাছত এখন সুখৰ সংসাৰৰ সপোন দেখিছিল এগৰাকী যুৱতীয়ে, কিন্তু সেই সপোন অচিৰেই এক ভয়ংকৰ দুঃস্বপ্নলৈ পৰিণত হ’ল। উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা, য’ত এগৰাকী বোৱাৰীক প্ৰায় ১০ মাহ ধৰি এটা আৱদ্ধ কোঠা আৰু শৌচালয়ত বন্দী কৰি ৰাখি অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, দিনৰ পাছত দিন ধৰি তেওঁক কেৱল কেঁচা চাউল, পিঁয়াজ আৰু জলকীয়া খাবলৈ দিয়াৰ লগতে তেওঁৰ গুপ্তাংগতো পাশৱিক অত্যাচাৰ চলোৱা হৈছিল। এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতে স্বামী ৰাহুল খাণ্ডুৰী আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীৰ পৰিয়াল।

Apply Now

নিৰ্যাতিতা যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে, প্ৰায় দুবছৰ পূৰ্বে ৰাহুল খাণ্ডুৰীৰ সৈতে তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন হৈছিল। যোৱা ফেব্ৰুৱাৰী মাহত যুৱতীগৰাকীয়ে যমজ সন্তান জন্ম দিছিল যদিও, গৰ্ভৱতী অৱস্থাৰ পৰাই তেওঁৰ ওপৰত অমানুষিক নিৰ্যাতন আৰম্ভ হৈছিল। বিগত বৰ্ষৰ জুলাই মাহৰ পৰাই যুৱতীগৰাকীক এটা আৱদ্ধ কোঠা আৰু শৌচালয়ৰ ভিতৰত বন্দী কৰি ৰখা হৈছিল। কৰ্মসূত্ৰে দিল্লীত থকা স্বামীয়ে বন্ধৰ দিনত ঘৰলৈ আহিলে পত্নীৰ ওপৰত অবৰ্ণনীয় শাৰীৰিক নিৰ্যাতন চলাইছিল। ইয়াৰ উপৰিও, শহুৰ আৰু শাহুৱেও নিয়মীয়াকৈ তেওঁক মাৰপিট কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

পিতৃৰ অভিযোগ অনুসৰি, জীয়াই থকাৰ স্বাৰ্থত নিৰ্যাতিতাক কেৱল কেঁচা চাউল, পিঁয়াজ আৰু কেঁচা জলকীয়া খাবলৈ বাধ্য কৰোৱা হৈছিল। এই দীৰ্ঘদিনীয়া অত্যাচাৰে তেওঁৰ মানসিক আৰু শাৰীৰিক অৱস্থাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। বৃদ্ধ পিতৃয়ে অতি দুখেৰে প্ৰকাশ কৰা মতে, নলাৰ পাইপ, লোহাৰ ৰড, চকী আৰু ঘৰ মচা সামগ্ৰীৰে কন্যাক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছিল। আনকি বটল আৰু লাঠীৰে গুপ্তাংগত আঘাত সানি পাশৱিকতাৰ চৰম সীমা অতিক্ৰম কৰিছিল স্বামীগৃহৰ লোকে। নিৰ্যাতনৰ মাত্ৰা ইমানেই ভয়ংকৰ আছিল যে যুৱতীগৰাকীৰ মূৰৰ চুলি জোৰকৈ উভালি পেলোৱাৰ ফলত মূৰৰ একাংশ প্ৰায় তপা হৈ পৰিছে। শাৰীৰিক নিৰ্যাতনৰ সমান্তৰালভাৱে তেওঁক প্ৰতিদিনে হত্যাৰ ভাবুকিও প্ৰদান কৰা হৈছিল।

ইমান দিনে এই ভয়ংকৰ নিৰ্যাতনৰ খবৰ পৰিয়ালে কিয় লাভ কৰা নাছিল, সেই সন্দৰ্ভত পিতৃয়ে স্পষ্ট কৰি কয় যে যোৱা ১০ মাহ ধৰি যুৱতীগৰাকীক নিজৰ পিতৃ-মাতৃৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল। টেলিফোনিক বাৰ্তালাপতো দূৰৰ কথা, মাক-দেউতাকক তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈকো দিয়া হোৱা নাছিল। আনকি নৱজাতক যমজ নাতি-নাতিনীহঁতকো চাবলৈ দিয়া হোৱা নাছিল। খবৰ ল‘বলৈ গ‘লে শহুৰেকৰ পৰিয়ালৰ লোকে ‘তাই শুই আছে‘ বা ‘গা ধুই আছে‘ বুলি অজুহাত দেখুৱাই তেওঁলোকক ঘূৰাই পঠিয়াইছিল।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিদিনে পুৱা ৯-১০ বজাৰ পৰাই তেওঁক এটা কোঠা বা শৌচালয়ৰ ভিতৰত তলাবন্ধ কৰি ৰখা হৈছিল। এগৰাকী মানুহৰ প্ৰাপ্য ন্যূনতম মানৱিক অধিকাৰ আৰু মৰ্যাদাকণৰ পৰাও তেওঁক বঞ্চিত কৰা হৈছিল। পিতৃৰ এই গুৰুতৰ অভিযোগৰ ভিত্তিত চেলাকুই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ এক ক্ষিপ্ৰ আৰু সুক্ষ্ম তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd