আন বহু দেশৰ দৰে ভাৰততো নিষিদ্ধ হৈছিল ছলমান ৰুশ্বদীৰ বহুচৰ্চিত উপন্যাস ‘দা চাটানিক ভাৰ্চেছ’। সেই সময়ত শাসনত আছিল ৰাজীৱ গান্ধী চৰকাৰ। কিন্তু কিয় ৰাজীৱ গান্ধী চৰকাৰে এই সিদ্ধান্ত লৈছিল? ‘দা চাটানিক ভাৰ্ছেছ’ত এনে কি আছিল, যাৰ বাবে মুছলিম বিশ্ব ক্ষোভিত হৈ পৰিছিল? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।
শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল ছলমান ৰুশ্বদী। বৰ্তমান তেওঁ চিকিৎসালয়ত জীৱনৰ স’তে যুঁজি আছে। নিজৰ সাহিত্যকৰ্মৰে অলেখ গুণমুগ্ধৰ সৃষ্টি কৰা ৰুশ্বদী এগৰাকী বিতৰ্কিত ব্যক্তিও। নিউয়ৰ্কত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোকো এই বিতৰ্কৰে এক অংশ বুলিব পাৰি। এই বিষয়ে অধিক জানিবলৈ আমি উভতি যাব লাগিব আজিৰ পৰা ৩৩ বছৰ পিছলৈ।
১৯৮৮ চনত ৰুশ্বডিয়ে প্ৰকাশ কৰিছিল “দ্য ছেটানিক ভাৰ্চেছ” নামৰ বহুচৰ্চিত উপন্যাসখন। উপন্যাসখন প্ৰকাশৰ পাছতে ৰুশ্বডিৰ বিৰুদ্ধে জ্বলি উঠিছিল ইছলামিক বিশ্ব। এইখিনিতে জানো আহক, ‘দ্যা চাটানিক ভাৰ্চেজ’ত এনে কি বিষয়বস্তু আছে, যাৰ বাবে ই ব্যাপক চৰ্চা লাভ কৰি আহিছে। যিহেতু ৰুশ্বদী এগৰাকী ভাৰতীয় মুছলমান আছিল, সেয়ে ‘দ্যা চাটানিক ভাৰ্ছেজ’ৰ বিষয়বস্তু আৰু চৰিত্ৰসমূহো আছিল ভাৰতীয় মুছলমান। উপন্যাসখনক সমকালীন বিশ্ব সাহিত্যৰ অনবদ্য সৃষ্টি বুলি কোৱা হয়।
কিন্তু ইয়াত ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কোৰাণৰ বিষয়ে পুৰণি চিন্তাৰ সলনি নতুনভাৱে চিন্তা কৰা হৈছে। হজৰত মহম্মদকে ধৰি ইছলাম ধৰ্মৰ মূল চৰিত্ৰসমূহৰ আৰ্হিত চৰিত্ৰ সন্নিৱিষ্ট কৰা হৈছে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ মাজেৰে মূলতঃ কোৰাণৰ উৎপত্তিৰ বিষয়ে নতুনকৈ আলোকপাত কৰা হৈছে। তদুপৰি হজৰত মহম্মদক চয়তান বুলিও পাকে প্ৰকাৰে কোৱা হৈছে।
এইসমূহ কথাৰ বাবেই ‘ছাটানিক ভাৰ্চেজ’ৰ প্ৰকাশৰ পাছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত নিষিদ্ধ হয় তেওঁৰ গ্ৰন্থসমূহ। ৰাজীৱ গান্ধী চৰকাৰে আশংকা কৰিছিল যে উপন্যাসখনে ভাৰতৰ সংখ্যালঘু লোকসকলৰ মাজত ভীষণ ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰিব। ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনিয়েও ৰুশ্বডিৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল।
খোমেনিয়ে ৰুশ্বডিক ইছলাম ধৰ্মৰ শত্ৰু হিচাপে গণ্য কৰিছিল। সেয়ে বিশ্বজুৰি মুছলমান সম্প্ৰদায়ক খোমেনিয়ে আহ্বান কৰিছিল যে ৰুশ্বডি আৰু তেওঁৰ প্ৰকাশকক তাৎক্ষণিকভাৱে মৃত্যুদণ্ড দিয়া হওক। ৰুশ্বদিৰ মূৰৰ দামো নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ব্ৰিটিছ চৰকাৰে তৎক্ষণাৎভাৱে ৰুশ্বডিক নিৰাপত্তা প্ৰদান কৰে। প্ৰায় ১৩ বছৰ ধৰি তেওঁ ব্ৰিটেইনতে আত্মগোপন কৰি থাকে। সেইসময়ত যোচেফ এণ্টন নামেৰে এটা ছদ্মনামো তেওঁ লৈছিল।
আত্মগোপনৰ এই সময়খিনিৰ বিষয়ে ২০১২ চনত তেওঁ ‘যোছেফ এণ্টন- এ মেম’ইৰ’ শীৰ্ষক এখনি আত্মজীৱনীমূলক গ্ৰন্থও প্ৰকাশ কৰিছিল। আনহাতে, ছাটানিক ভাৰ্ছেজৰ বাবে কেৱল ৰুশ্বডীয়েই নহয়, ইয়াৰ অনুবাদকো আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। গ্ৰন্থখনৰ জাপানী আৰু ইটালীয়ান ভাষাৰ অনুবাদকসকলক হত্যা কৰা হৈছিল। গ্ৰন্থখন নৰৱেত প্ৰকাশ কৰা প্ৰকাশকগৰাকীক গুলীয়াই আহত কৰা হৈছিল।
১৯৯৮ চনত খোমেনিৰ মৃত্যুৰ পাছত ইৰান চৰকাৰে ৰুশ্বডিক লৈ কিছু নৰম হয়। কিন্তু ২০০৫ চনত পুনৰ ইছলামৰ সন্মান ৰক্ষাৰ বাবে ৰুশ্বডিক হত্যাৰ পৰিকল্পনা কৰা হয়। ২০১০ চনত আল কাইদাই এখন হিটলিষ্ট প্ৰকাশ কৰিছিল। এই তালিকাত সমুখৰ ফালেই ৰখা হৈছিল ৰুশ্বডিৰ নাম। ২০১২ চনৰ জানুৱাৰীত ৰুশ্বডিয়ে ৰাজস্থানৰ জয়পুৰত এক সাহিত্য অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল। কিন্তু হত্যাৰ ভাবুকি লাভ কৰাৰ বাবে তেওঁ অনুষ্ঠানটোত ভাগ নলৈছিল।
উল্লেখযোগ্য যে ছলমান ৰুছদী এগৰাকী ভাৰতত জন্ম হোৱা লেখক। নিজৰ কৰ্মৰ বাবে বুকাৰ বঁটা লাভ কৰা ৰুশ্বদীয়ে বৰ্তমানলৈকে তেওঁ ১৪ খন উপন্যাস ৰচনা কৰিছে। কালজয়ী এই উপন্যাসসমূহৰ ভিতৰত ভাৰত-পাকিস্তানৰ দেশবিভাজনৰ সময়ক লৈ লিখা ‘দ্যা মিডনাইট চিলড্ৰেন’ক ক্লাছিক সাহিত্য কৰ্ম হিচাপে ধৰা হয়।
এনে এজন সাহিত্যিকক আক্ৰমণ কৰি মুছলিম বিশ্বই নিজৰ চৰিত্ৰ উদঙাই দিয়া বুলি ক’ব পাৰি।