ধৰ্ষক খোদ মহিলা : এইবাৰ মহিলাৰ হাতত ধৰ্ষিতা ৪ বছৰীয়া শিশু

মঙলবাৰে দিল্লীৰ আদালতে নাবালিকাৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত এক গোচৰত ৰায় দিয়ে। আদালতে POCSO আইনৰ অধীনত দোষী মহিলাগৰাকীক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তদুপৰি ১৬ হাজাৰ টকা জৰিমনা বিহে। 

২০১৬ চনত শশী নামৰ এগৰাকী মহিলাই চাৰি বছৰীয়া এটি কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ৭টা বছৰৰ পাছত এই গোচৰৰ ৰায়দান কৰিছে আদালতে।

অতিৰিক্ত ন্যায়াধীশ কুমাৰ ৰজতে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰে। মহিলাগৰাকীক শাস্তি প্ৰদান কৰাৰ সময়ত আদালতে কয় যে মহিলাগৰাকীৰ এই কাৰ্যৰ বাবেই ভুক্তভোগী আৰু তেওঁৰ পিতৃ-মাতৃয়ে চৰম মানসিক যন্ত্ৰণাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। আদালতৰ নিৰ্দেশ মৰ্মে মহিলাগৰাকীয়েও ভুক্তভোগীৰ পৰিয়ালক ১৬ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

জানিব পৰা মতে POCSO আইনৰ ৬ নং ধাৰাত ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। 

অভিযুক্ত মহিলা শশীৰ বিৰুদ্ধে POCSO আইনৰ ধাৰা ৬ (Gross Penetrative Sexual Assault) আৰু IPC ৰ Section 354 (Assault on a woman with intent to outrage her modesty)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।