লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমান্তত থকা গোগামুখত অসম নাট্য সন্মিলনৰ ৫৭ সংখ্যক কেন্দ্ৰীয় আলোচনাচক্ৰ চলি হৈ আছে। ৬ ডিচেম্বৰ দেওবাৰৰ পৰা চলি থকা এই ৪ দিনীয়া আলোচনাচক্ৰখনৰ পতাকা উত্তোলন কৰে অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে।
সন্মিলনৰ কাৰ্যকৰী সভাপতি সেৱাব্ৰত বৰুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়ায় নিয়ে। আৰম্ভণিৰ নিশা স্থানীয় আবুতানি লোট্টা চৌহদত দিল্লী সংগীত একাডেমীৰ ২খন নাটক আৰু দেশখনৰ ৪টা মণ্ডলৰ পৰা দুখনকৈ সৰ্বশ্ৰেষ্ঠ নাটক কেইখন মঞ্চস্থ কৰা হয়। এই আলোচনাচক্ৰৰ এই বৰ্ষৰ উদ্দেশ্য হৈছে সমাজৰ প্ৰচলিত অন্ধবিশ্বাস আৰু অনাচাৰসমূহ নাটকৰ মাজেৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰা।