মিত্ৰতাত মৌ : দিল্লীত কংগ্ৰেছক ৩ খন আসন এৰি দিলে আম আদমি পাৰ্টিয়ে

যদিও আগুন্তুক লোকসভা নিৰ্বাচনত পঞ্জাৱ, গুজৰাট , গোৱা আদি কেইবাখনো ৰাজ্যত আম আদমি পাৰ্টিয়ে অকলেই নিৰ্বাচন খেলাৰ কথা আছে, কিন্তু দিল্লীত বিৰোধী ঐক্যৰ সৈতে একেলগে নিৰ্বাচনত অৱৰ্ত্তীণ হোৱাৰ বাবে আগবাঢ়িছে দলটো। 

এইবাৰ দিল্লীত কংগ্ৰেছৰ সৈতে হাত মিলাইছে আম আদমী পাৰ্টিয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দিল্লীৰ সাতখন আসনৰ তিনিখন আসন কংগ্ৰেছক এৰি দিছে আম আদমী পাৰ্টিয়ে।

জানিব পৰা মতে, বুধবাৰে কংগ্ৰেছ হাইকমাণ্ডলৈ আপে এই বাৰ্তা প্ৰেৰণ কৰিছে। 

ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী মাহত আপ আৰু কংগ্ৰেছৰ মাজত আসনৰ ভাগ-বতোেৱাক লৈ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত আপে কংগ্ৰেছক এখন বা দুখন আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছিল। অৱশ্যে তিনিখন আসনৰ দাবীক লৈ অটল আছিল কংগ্ৰেছ।

জানুৱাৰী মাহৰ আসন নিষ্পত্তিৰ বৈঠকত চাৰিজনীয়া কংগ্ৰেছৰ এটা প্ৰতিনিধি দল — ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্ছিদ আৰু এআইচিচিৰ প্ৰাক্তন মুখপাত্ৰ মোহন প্ৰকাশ — উপস্থিত আছিল। দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীও উপস্থিত আছিল সেই বৈঠকত। আনহাতে, আপৰ হৈ ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠক আৰু দিল্লীৰ দুই মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজ উপস্থিত আছিল। 

২০১৯ চনৰ লোকসভা নিৰ্বাচনত আপ শাসিত দিল্লীৰ সাতখন আসনৰ ভিতৰত ৭খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪৯,০৮,৫৪১ (৫৬.৯%) ভোট লাভ কৰিছিল। কংগ্ৰেছে ১৯,৫৩,৯০০ (২২.৫%) আৰু আপে ১৫,৭১,৬৮৭ (১৮.১%) ভোট লাভ কৰিছিল।

কিন্তু ২০২০ চনৰ বিধানসভা নিৰ্বাচনত দিল্লীত আপে মুঠ ৬২খন আসন আৰু বিজেপিয়ে ৮খন আসন লাভ কৰিছিল। ইয়াৰ পিছত যোৱা বছৰ পৌৰসভাৰ নিৰ্বাচনতো আপে জয়লাভ কৰে। এনে পৰিস্থিতিত দিল্লীত আপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হ’লে বাধা আহিব পৰিব বিজেপিলৈ। সেয়ে আপ-কংগ্ৰেছৰ এই মিত্ৰতাই এক প্ৰকাৰে বিজেপিলৈ ভাবুকি কঢ়িয়াই আনিছে।