জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত বিচাৰি সচিবালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ

Created with GIMP

আজি পৰ্যন্ত চৰকাৰৰ কোনো মন্ত্ৰী- বিধায়ক,আমোলা,শীৰ্ষ আৰক্ষী বিষয়াই জোনমণি ৰাভাৰ পৰিয়ালৰ কাষলৈ নোযোৱাটো পৰিতাপৰ বিষয়।

আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্তৰ দাবীত আজি আম আদমি পাটি, অসমে দিছপুৰ সচিবালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে৷ হাতে হাতে প্লে – কাৰ্ড লৈ আপৰ সদস্য সকলে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত দিয়ক, গৃহ বিভাগ হায় হায়, নকল সোণৰ কলা ব্যৱসায়ীক ৰক্ষণা বেক্ষণ দিয়া আৰক্ষীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। 

আপৰ সদস্য সকলে সচিবালয়ৰ প্ৰবেশ কৰাত আৰক্ষীয়ে বেৰিকেড লগাই বাধা দিয়ে। প্ৰতিবাদত অংশ গ্ৰহণ কৰি ‘আপ’ৰ ৰাজ্যিক উপ সভাপতি ডেকাই কয় যে – জোনমণি ৰাভাৰ মৃত্যুৰ পিছৰে পৰা এই মৃত্যু সন্দৰ্ভত ন ন তথ্য প্ৰকাশ পাইছে।দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত ৰখা বক্তব্যই এয়া এক দুৰ্ঘটনা নহয় যেন এক হত্যা কাণ্ডহে তেনে আশংকাৰ সৃষ্টি কৰিছে। আনহাতে এই ঘটনাত নকল সোণ, ড্ৰাগছৰ চোৰাং ব্যৱসায় কৰা এটা চক্ৰ জড়িত থকাৰ কথাও প্ৰকাশ পোৱাৰ লগতে নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে । 

যিহেতু চি আই ডি অসম আৰক্ষীৰ এটা শাখা ঘটনাটোত আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে সেয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ হোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে চি বি আই ক অৰ্পণ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে জোনমনি ৰাভাৰ পৰিয়ালে বিচাৰিলে চি বি আই তদন্ত দিব৷ এইটো কেনে কথা।

এগৰাকী আৰক্ষী বিষয়া গৃহ বিভাগৰ অন্তৰ্গত৷ গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰে এগৰাকী বিষয়া আছিল জোনমণি ৰাভা। গতিকে মুখ্যমন্ত্ৰীয়ে চি বি আই তদন্ত দিব লাগে। আজি জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ ইমান দিন পিছতো তেওঁৰ পৰিয়ালৰ ওচৰত চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰী, বিধায়ক, আমোলা, শীৰ্ষ আৰক্ষী বিষয়াই মাত এষাৰ দিবলৈ যোৱা নাই, ই পৰিতাপৰ বিষয়।

জোনমনি ৰাভা এগৰাকী আৰক্ষী বিষয়া হোৱাৰ লগতে এগৰাকী অসমৰ জীয়ৰী। গতিকে হত্যাকাণ্ড বুলি চৰ্চা হোৱা জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত দিব লাগে ।