NORTHEAST NOW (Assamese)

মহানগৰীৰ জ্যোতি নগৰত উন্মুক্ত নলাত পৰি মৃত্যু হোৱা শিশু অবিনাশ সৰকাৰৰ পৰিয়ালক সাক্ষাৎ আপ নেতৃত্বৰ

July 11, 2024 5:57 pm · এন ই নাও নিউজ, গুৱাহাটী

মহানগৰীৰ জ্যোতি নগৰত উন্মুক্ত নলাত পৰি মৃত্যু হোৱা আঠ বছৰীয়া শিশু অবিনাশ সৰকাৰৰ শোক সন্তপ্ত পিতৃ-মাতৃক সাক্ষাৎ কৰিলে আম আদমী পাৰ্টিৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, দলৰ নেতা ৰমেন বৰঠাকুৰে আৰু দিতুল বৰুৱাই ।

উল্লেখ্য যে মহানগৰীৰ এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্ৰিম বানৰ সোঁতত উন্মুক্ত নলাৰে উটি গৈছিল অবিনাশ। আজি আপৰ সজাঁতী দলটোৱে মৃত অবিনাশৰ পিতৃ হৰোলাল সৰকাৰক প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য্য নেহেৰুৱাবলৈ আহ্বান জনায়।

তদুপৰি শীঘ্ৰেই গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ উন্মুক্ত নলা-নৰ্দমা সমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷

Related News