NORTHEAST NOW (Assamese)

বিভিন্ন দাবীৰ লগতে পৃথক মন্ত্ৰ্যালয় বিচাৰিলে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে

September 12, 2018 2:53 pm · এন ই নাও নিউজ

কেঁচা চাহপাতৰ বজাৰ নিয়ন্ত্ৰণ কৰা, কাৰাখানা স্থাপন কৰা আৰু এটা পৃথক মন্ত্ৰ্যালয়ৰ গঠন, কৰ উপযোগ কৰা আৰু ক্ষুদ্ৰ চাৰ খেতিয়কসকলৰ ব্যৱসায় বৰ্তাই ৰখাৰ বাবে ভূমি নথিৰ যোগান ধৰাৰ বাবে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ১১ ছেপ্টেম্বৰ, মঙলবাৰে অসম চৰকাৰলৈ আহ্বান জনাইছে।

‘দ্য টেলিগ্ৰাফ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে জীৱন ধাৰণৰ ব্যয় বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততেই চাহ শ্ৰমিকসকলে তেওঁলোকৰ দৈনিক মজুৰি ১৬৫ টকাৰ পৰা ৩৫০ টকালৈকে বৃদ্ধি কৰাৰ বাবে হেঁচা দি থকাৰ সময়তেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই দাবী উত্থাপিত হৈছে।

বৃহৎ চাহ খেতিয়কগোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকৰ উৎপাদনৰ অতি কম মূল্য প্ৰদান কৰি আৰু নিজৰ খেয়াল-খুচিমতেহে চাহপাত ক্ৰয় কৰি আহিছে বুলি প্ৰতিৱেদনটোত আৰু কোৱা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰা মূল্যত তেওঁলোকৰ উৎপাদন ব্যয়ৰ জোৰা নমৰে আৰু কম মূল্যতেই বৃহৎ চাহ কোম্পানীৰ ওচৰত তেওঁলোকৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাত বিক্ৰি কৰিবলৈ বাধ্য হয় বুলি সন্থাই অভিযোগ কৰে।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত জৈৱিক চাহপাতৰ নিলামত ক্ষুদ্ৰ চাহ খেতিয়কক অংশগ্ৰহণ কৰিবলৈ অনুমতি নিদিয়াৰ নীতিয়েও তেওঁলোকক ক্ষতিগ্ৰস্ত কৰিছে বুলি সন্থাই অভিযোগ কৰে। অতি সীমিত সংখ্যক চাহ খেতিয়কে জৈৱিক হাতেৰে প্ৰস্তুত কৰা নৈষ্ঠিক (orthodox) আৰু সেউজীয়া চাহপাত প্ৰস্তুত কৰে আৰু সেয়া অসংগঠিতভাৱে বিক্ৰি কৰিবলগীয়া হয় বাবে ইয়ে মূল্য হ্ৰাস কৰে।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক ৰোহিত বৰগোহাঞিয়ে কৈছে, ‘আমাৰ উৎপাদন মূল্য বৃদ্ধি হৈছে। এক কিলো কেঁচা চাহপাত উৎপাদন কৰিবলৈ ১৫ টকা ব্যয় হয় আ#ৰু আমি তাৰ বাবত ১২ৰ পৰা ১৪ টকা পাওঁ। কাৰখানাসমূহে কেতিয়াবা কেতিয়াবা বিজুতি ঘটা বুলি কৈ কেঁচা তাহপাত ক্ৰয় কৰিবলৈ অমান্তি হয়। আমি তেতিয়া সেয়া পেলাই দিবলৈ বাধ্য হৈ পৰোঁ। চাহ বোৰ্ডে নিৰ্ধাৰণ কৰি দিয়া নিম্নতম দৰ চাহ কোম্পানীসমূহে মানি নলয়। প্ৰতি কেজি কেঁচা চাহপাতত ১০ পইচা হাৰত কৰ ধাৰ্য কৰি লয় যদিও চৰকাৰে এই সন্দৰ্ভত কোনো জাননী জাৰি কৰা নাই। ২০০ কোটিতকৈও অধিক ধন জমা কৰোৱা হৈ গৈছে যদিও আমাৰ কল্যাণৰ হকে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰাত এই ধনখিনি ব্যৱহাৰ কৰা নাই। এখন পৃথক মন্ত্ৰ্যলয় গঠন কৰা, চাহ বোৰ্ডৰ দ্বাৰা কেঁচা চাহপাতৰ দৰ নিয়ন্ত্ৰণ কৰা, চাহ খেতিক উদ্যোগৰ পৰিৱৰ্তে কৃষি হিচাপে বিৱেচনা কৰা আৰু জৈৱিক চাহপাতক নিলামত অংশগ্ৰহণ কৰিবলৈ দিয়া আদি দাবী উত্থাপন কৰে সন্থাই।

Related News