গণপ্ৰহাৰত জড়িত ১৪ জনক দোষী সাব্যস্ত কেৰালাৰ আদালতৰ
মঙলবাৰে কেৰালাৰ এখন আদালতে এগৰাকী মধু নামৰ এগৰাকী জনজাতীয় ব্যক্তিক দলবদ্ধভাবে হত্যা কৰাৰ অভিযোগত ১৪ জন ব্যক্তিক দোষী সাব্যস্ত কৰে।
২০১৮ চনত মধু নামৰ জনজাতীয় ব্যক্তিগৰাকীক হত্যা কৰিছিল ১৪ জনীয়া দলটোৱে।
অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন (SC/ST Act)ৰ অধীনত গোচৰৰ শুনানিৰ বাবে গঠন কৰা বিশেষ আদালতে এই ব্যক্তিকেইজনক দোষী সাব্যস্ত কৰে।
অভিযোগনামা অনুসৰি মধু নামৰ মানসিকভাৱে অক্ষম জনজাতীয় যুৱকজনক পালাক্কাডৰ আট্টাপ্পাডীতহাত ভৰি বান্ধি নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল।
গেলামালৰ দোকানৰ পৰা চাউল চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি অভিযুক্তই মধুক আক্ৰমণ কৰিছিল।
ন্যায়ালয়ে এই ব্যক্তিকেইজনক পূৰ্বে জামিন প্ৰদান কৰিছিল যদিও অভিযুক্ত ১৪ জন লোকক দোষী সাব্যস্ত কৰি সেই জামিন বাতিল কৰি শাস্তিৰ ঘোষণা কৰে।