আক্ৰমণৰ সন্মুখীন হৈছে অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিল সাংবাদিক। মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই ঘটনা।
বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হোৱা মহিলা সাংবাদিকগৰাকীৰ নাম স্নেহা বৰভে।
সাংবাদিকগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ পিছতো ধাৰাবাহিক ভাবুকিৰ সন্মুখীন হৈছে সাংবাদিকগৰাকী।
এই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু সাংবাদিক সুৰক্ষা সমিতিয়ে।
স্নেহা বৰভে এটা ইউটিউব ভিত্তিক সংবাদ মাধ্যমত কাম কৰে। ৪ জুলাইত মানচাৰৰ বিতৰ্কিত ভূমিত অবৈধ নিৰ্মাণৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়ত এদল মানুহে তেওঁক আক্ৰমণ কৰিছিল। লাঠিৰে কোবাই মূৰত আঘাত কৰা হৈছিল সাংবাদিকগৰাকীক।
এই ঘটনাত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও মাত্ৰ তিনিদিনৰ অন্তত জামিনত মুকলি কৰি দিয়া হয়। এফআইআৰত নাম স্পষ্টকৈ উল্লেখ কৰা হৈছে যদিও এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই মূল অভিযুক্ত ব্যৱসায়ী পাণ্ডুৰাং সখাৰাম মৰ্ডে। তেওঁৰ ৰাজনৈতিক সম্পৰ্কও আছে বুলি অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ পিছত ১৮ জুলাইত পাণ্ডুৰাঙৰ পুত্ৰ প্ৰশান্ত মৰ্ডে মহিলা সাংবাদিকগৰাকীৰ পিতৃৰ কাৰ্যালয়লৈ গৈ সমগ্ৰ পৰিয়ালটোক ক্ষতি কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছত ২৪ জুলাইত প্ৰশান্তই পুনৰ অফিচৰ সন্মুখত স্নেহাৰ বাট আগভেটি ধৰে। ফলত সাংবাদিকগৰাকী আৰু তেওঁৰ পৰিয়ালে চৰম ভয়ত জীৱন কটাবলগীয়া হৈছে।
মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰে কয় যে আয়োগে এই আক্ৰমণ সন্দৰ্ভত নিজাববীয়া তদন্ত আৰম্ভ কৰিছে। তৎকালীনভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে সাংবাদিকগৰাকীক প্ৰয়োজনীয় চিকিৎসা আৰু মানসিক সহায় আগবঢ়াবলৈও পৰামৰ্শ প্ৰদান কৰিছে আয়োগে।