ডিব্ৰুগড়ত এনচিচি উত্তৰ পূৰ্বাঞ্চল ট্ৰেকিং শিবিৰ সম্পন্ন

NCC(India)_Logo

বাৰ্ষিক অল ইণ্ডিয়া এনচিচি উত্তৰ পূৰ্বাঞ্চল ট্ৰেকিং শিবিৰৰ আজি ২২ জানুৱাৰি মঙলবাৰে সামৰণি পৰিছে।  উত্তৰ পূৰ্বাঞ্চল, শ্বিলংস্থিত এনচিচি সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত যোৱা ১৪ জানুৱাৰিত আৰম্ভ হৈছিল। এই ট্ৰেকিং শিবিৰটোৰ আয়োজন কৰিছে ডিব্ৰুগড় এনচিচি গোটে।

এনচিচিৰ কেডেটসকলৰ মাজত দুঃসাহসিকতাৰ প্ৰতি থকা উৎসাহ, আত্মবিশ্বাস জগাই তোলা, কেডেটসকলৰ মাজত সহযোগিতাৰ মনোভাৱ যোগাই তোলা আৰু তেওঁলোকৰ মাজত ৰাষ্ট্ৰীয় অখণ্ডতাক উৎসাহিত কৰাৰ বাবে এই ট্ৰেকিং শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদি ভাৰতৰ বিভিন্ন প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা কেডেটসকলে অংশগ্ৰহণ কৰে।

৮ দিন যোৰা এই শিবিৰত সৰ্বমুঠ ৪৮৫গৰাকী কেডেটে অংশগ্ৰহণ কৰে।তেওঁলোকে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণঅড পলিমাৰ লিঃ কাৰখানা, জগন্নাথ মন্দিৰ, ইথেলৱল্ড চাহ বাগান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা নৃতত্ব সংগ্ৰাহালয়, ডিব্ৰুগড় ডাইক আদি ভ্ৰমণ কৰে। এই ট্ৰেকিং শিবিৰটোৱে এনচিচি কেডেটসকলক ডিব্ৰুগড়ৰ আশে-পাশে থকা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক ঐতিহ্যক বুজাত সহায় কৰিব।

ডিব্ৰুগড় এনচিচি গোটৰ গ্ৰুপ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ এছ কে লামাই কেডেটসকলক সম্বোধন কৰি দিয়া তেওঁৰ ভাষণত সমাজত থকা এনচিচিৰ গুৰুত্ব সম্পৰ্কে ব্যখ্যা কৰে আৰু তেওঁলোকক সুনাগৰিক হ’বলৈ আহ্বান জনায়।