ভাৰতীয় জনতা পাৰ্টি খুবেই সতৰ্ক দল। কেঁচা, অপটু কাম কৰা ভকত তেওঁলোক নহয়। সহজে নাকচ হৈ যাব পৰা প্ৰচাৰ তেওঁলোকে কৰিব বুলি মনে নধৰে। কিন্তু, অতি সম্প্ৰতি “ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰদ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত” বুলি লিখা থকা আৰু “নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ -অপপ্ৰচাৰ আৰু প্ৰকৃত সত্য” শিৰোনামযুক্ত এখন গোহাৰি হোৱাটছএপ্ যোগে দৃষ্টিগোচৰ হোৱাত আচৰিত হৈছোঁ। গোহাৰিখনত অৱশ্যে কাৰো স্বাক্ষৰো নাই, বিজেপি দলৰ প্ৰতীক-চিহ্নও নাই। আন কোনো পক্ষয়ো বিজেপি দলক লজ্জানত কৰিবলৈ গোহাৰিখন উলিয়াই দিব পাৰে। কাৰণ, মাৰাত্মক তথ্যগত ভুল থকা এনে এখন গোহাৰি বিজেপি দলে প্ৰচাৰ কৰিব বুলি ভাবিব নোৱাৰি। দলটো যদি গোহাৰিখন সম্পৰ্কে অৱগত তেন্তে শীঘ্ৰেই সেইখনৰ বিষয়ে স্থিতি স্পষ্ট কৰা ভাল।
গোহাৰিখনত মুঠ আঠটা ‘অপপ্ৰচাৰ’ উন্মোচন কৰি ‘প্ৰকৃত সত্য’ জনাবৰ প্ৰয়াস কৰা হৈছে। আমি তাৰে সাতটাৰ বিষয়ে একো নকওঁ, কিন্তু ৮ নম্বৰ প্ৰসংগটো সন্দৰ্ভত কিছু ব্যাখ্যাৰে তাত থকা মাৰাত্মক ভুলখিনি আঙুলিয়াই দিম। ৰাজনৈতিক উদ্দেশ্যত নহয়, নিতান্তই বিদ্যায়তনিক কাৰণত। এই গোহাৰি পঢ়ি আমাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ নাগৰিকত্ব আইনৰ সংশোধনীবোৰ সম্পৰ্কে ভুল কথা শিকিব পাৰে বুলি আশংকা কৰিয়ে আমি সেই ভুলখিনি উন্মোচন কৰিব খুজিছোঁ।
গোহাৰিখনত কৈছে, “১৯৮৭ চনত তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰুঅসমৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত নাগৰিকত্ব আইনৰ সংশোধন কৰিছিল। এই সংশোধনী অনুসৰি ১৯৭১ চনৰ পাছত অসমত অবৈধভাৱে প্ৰবেশ কৰা লোকৰ (মাতৃ-পিতৃ বিদেশী হ’লেও) ভাৰতত জন্ম লোৱা সন্তানক নাগৰিকত্ব দিয়া হৈছিল।“ এইটো অত্যন্ত ভুল তথ্য। আচল কথা এই যে ১৯৮৬ চনত হোৱা সংশোধনী মতে ১৯৮৭ চনৰ ১ জুলাই তাৰিখৰ পাছত ভাৰতত জন্মা লোক ভাৰতীয় নাগৰিক তেতিয়াহে হ’ব যদি তেওঁৰ পিতৃ-মাতৃৰ কোনোবা এজন ভাৰতীয় হয় – অৰ্থাৎ দুয়োজন বিদেশী হ’লে ভাৰতত জন্মা লোকো ভাৰতীয় নাগৰিক হ’ব নোৱাৰিব উক্ত তাৰিখৰ পিছত। এই সংশোধনীয়ে আচলতে জন্মৰদ্বাৰা ভাৰতীয় নাগৰিকত্ব পাব পৰা ব্যৱস্থাটোত ভালেখিনি বাধাৰহে সৃষ্টি কৰিলে, কাৰণ ইয়াৰ পূৰ্বে বাহাল থকা আইন অনুসৰি ভাৰতত জন্মিলেই এজন লোক ভাৰতীয় নাগৰিক হ’ব পাৰিছিল– পিতৃ-মাতৃ ভাৰতীয় নে বিদেশী সেয়া বিচাৰ্য বিষয় নাছিল। অৰ্থাৎ গোহাৰিখনে কোৱাৰ দৰে মাতৃ-পিতৃ বিদেশী হ’লেও জন্মসূত্ৰে ভাৰতীয় নাগৰিক হ’ব পৰা কথাটো ১৯৮৭ চনৰ সংশোধনীয়ে অনা নাই, সেই ব্যৱস্থা আগৰে পৰাই আছিল আৰু উক্ত সংশোধনীয়ে সেই ব্যৱস্থাত ভালেখিনি বান্ধোনহে আনি দিছিল।
গোহাৰিখনে আকৌ কৈছে, “১৯৯২ চনত কংগ্ৰেছ চৰকাৰে এই আইনৰ পুনৰ সংশোধন (এই সংশোধনী মতে মাতৃ-পিতৃ দুয়োগৰাকী ভাৰতীয় নাগৰিক হ’ব লাগিব নতুবা মাতৃ-পিতৃৰ এগৰাকী ভাৰতীয় হোৱাৰ লগতে আনগৰাকী অবৈধ বিদেশী হ’ব নোৱাৰিব) কৰি পিতৃ-মাতৃৰ দুয়োজন এজন বিদেশী হ’লেও তেওঁলোকৰ সন্তান ভাৰতীয় হ’ব বুলি ঘোষণা কৰিছিল।” কি মাৰাত্মক ভুল তথ্য এইটো! কি উল্টা-পুল্টা! ১৯৯২ চনৰ সংশোধনীত আছে বুলি কোৱা এই কথাখিনি দৰাচলতে আছে অতলবিহাৰী বাজপেয়ীৰ বিজেপি চৰকাৰৰ দিনত হোৱা ২০০৩ চনৰ সংশোধনীতহে। যেনিবা ‘অবৈধ বিদেশী’ৰ ঠাইত হ’ব লাগে ‘অবৈধ অনুপ্ৰবেশকাৰী।’ ১৯৯২ চনৰ সংশোধনী মতে ভাৰতৰ বাহিৰত জন্মা লোক এজনো ভাৰতীয় হ’ব যদিহে তেওঁৰ পিতৃ-মাতৃৰ কোনোবা এজনো ভাৰতীয় হয়। ক’ৰ কথা আনি ক’ত লগাই দিছে গোহাৰিখনে!
আকৌ কৈছে, “অৱশেষত ২০০৩ চনত প্ৰধান মন্ত্ৰী মাননীয় অতলবিহাৰী বাজপেয়ীদেৱে নাগৰিকত্ব আইনৰ সংশোধন কৰি বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছিল।“ ওপৰত আমি কৈ আহিলোঁৱেই যে গোহাৰিখনে কংগ্ৰেছে ১৯৯২ চনত কৰা বুলি কোৱা সংশোধনীটো আচলতে বাজপেয়ীয়ে ২০০৩ চনত কৰা সংশোধনীহে।
তথ্যৰ এই সাংঘাতিক প্ৰমাদ বিদ্যায়তনিকভাৱেও ক্ষতিকৰ, বিজেপিৰ ভাবমূৰ্তিৰ বাবেও ক্ষতিকৰ। বিজেপিৰ দৰে সাৱধানী দল এটাই গুগল-সন্ধানেৰেই ভুল প্ৰতিপন্ন কৰিব পৰা তথ্য প্ৰচাৰ কৰিব বুলি ভাবিবলৈ টান। দলটোৱে নিজেই এই গোহাৰিখনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ভাল হ’ব।
শিৱজিত দত্ত
ইমেইলঃ [email protected]