• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

“অপপ্ৰচাৰ”ৰ অপপ্ৰচাৰ

শিৱজিত দত্ত by শিৱজিত দত্ত
January 15, 2020 2:56 pm
CAA Protest
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টি খুবেই সতৰ্ক দল। কেঁচা, অপটু কাম কৰা ভকত তেওঁলোক নহয়। সহজে নাকচ হৈ যাব পৰা প্ৰচাৰ তেওঁলোকে কৰিব বুলি মনে নধৰে। কিন্তু, অতি সম্প্ৰতি “ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰদ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত” বুলি লিখা থকা আৰু “নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ -অপপ্ৰচাৰ আৰু প্ৰকৃত সত্য” শিৰোনামযুক্ত এখন গোহাৰি হোৱাটছএপ্ যোগে দৃষ্টিগোচৰ হোৱাত আচৰিত হৈছোঁ। গোহাৰিখনত অৱশ্যে কাৰো স্বাক্ষৰো নাই, বিজেপি দলৰ প্ৰতীক-চিহ্নও নাই। আন কোনো পক্ষয়ো বিজেপি দলক লজ্জানত কৰিবলৈ গোহাৰিখন উলিয়াই দিব পাৰে।  কাৰণ, মাৰাত্মক তথ্যগত ভুল থকা এনে এখন গোহাৰি বিজেপি দলে প্ৰচাৰ কৰিব বুলি ভাবিব নোৱাৰি। দলটো যদি গোহাৰিখন সম্পৰ্কে অৱগত তেন্তে শীঘ্ৰেই সেইখনৰ বিষয়ে স্থিতি স্পষ্ট কৰা ভাল।

গোহাৰিখনত মুঠ আঠটা ‘অপপ্ৰচাৰ’ উন্মোচন কৰি ‘প্ৰকৃত সত্য’ জনাবৰ প্ৰয়াস কৰা হৈছে। আমি তাৰে সাতটাৰ বিষয়ে একো নকওঁ, কিন্তু ৮ নম্বৰ প্ৰসংগটো সন্দৰ্ভত কিছু ব্যাখ্যাৰে তাত থকা মাৰাত্মক ভুলখিনি আঙুলিয়াই দিম। ৰাজনৈতিক উদ্দেশ্যত নহয়, নিতান্তই বিদ্যায়তনিক কাৰণত। এই গোহাৰি পঢ়ি আমাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ নাগৰিকত্ব আইনৰ সংশোধনীবোৰ সম্পৰ্কে ভুল কথা শিকিব পাৰে বুলি আশংকা কৰিয়ে আমি সেই ভুলখিনি  উন্মোচন কৰিব খুজিছোঁ।

Apply Now
Citizenship Propaganda
আলোচ্য প্ৰচাৰ পত্ৰখনৰ প্ৰতিলিপি (প্ৰথম অংশ)।

গোহাৰিখনত কৈছে, “১৯৮৭ চনত তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰুঅসমৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত নাগৰিকত্ব আইনৰ সংশোধন কৰিছিল। এই সংশোধনী অনুসৰি ১৯৭১ চনৰ পাছত অসমত অবৈধভাৱে প্ৰবেশ কৰা লোকৰ (মাতৃ-পিতৃ বিদেশী হ’লেও) ভাৰতত জন্ম লোৱা সন্তানক নাগৰিকত্ব দিয়া হৈছিল।“ এইটো অত্যন্ত ভুল তথ্য। আচল কথা এই যে ১৯৮৬ চনত হোৱা সংশোধনী মতে ১৯৮৭ চনৰ ১ জুলাই তাৰিখৰ পাছত ভাৰতত জন্মা লোক ভাৰতীয় নাগৰিক তেতিয়াহে হ’ব যদি তেওঁৰ পিতৃ-মাতৃৰ কোনোবা এজন ভাৰতীয় হয় – অৰ্থাৎ দুয়োজন বিদেশী হ’লে ভাৰতত জন্মা লোকো ভাৰতীয় নাগৰিক হ’ব নোৱাৰিব উক্ত তাৰিখৰ পিছত। এই সংশোধনীয়ে আচলতে জন্মৰদ্বাৰা ভাৰতীয় নাগৰিকত্ব পাব পৰা ব্যৱস্থাটোত ভালেখিনি বাধাৰহে সৃষ্টি কৰিলে, কাৰণ ইয়াৰ পূৰ্বে বাহাল থকা আইন অনুসৰি ভাৰতত জন্মিলেই এজন লোক ভাৰতীয় নাগৰিক হ’ব পাৰিছিল– পিতৃ-মাতৃ ভাৰতীয় নে বিদেশী সেয়া বিচাৰ্য বিষয় নাছিল। অৰ্থাৎ গোহাৰিখনে কোৱাৰ দৰে মাতৃ-পিতৃ বিদেশী হ’লেও জন্মসূত্ৰে ভাৰতীয় নাগৰিক হ’ব পৰা কথাটো ১৯৮৭ চনৰ সংশোধনীয়ে অনা নাই, সেই ব্যৱস্থা আগৰে পৰাই আছিল আৰু উক্ত সংশোধনীয়ে সেই ব্যৱস্থাত ভালেখিনি বান্ধোনহে আনি দিছিল।

গোহাৰিখনে আকৌ কৈছে, “১৯৯২ চনত কংগ্ৰেছ চৰকাৰে এই আইনৰ পুনৰ সংশোধন (এই সংশোধনী মতে মাতৃ-পিতৃ দুয়োগৰাকী  ভাৰতীয় নাগৰিক হ’ব লাগিব নতুবা মাতৃ-পিতৃৰ এগৰাকী ভাৰতীয় হোৱাৰ লগতে আনগৰাকী অবৈধ বিদেশী হ’ব নোৱাৰিব) কৰি পিতৃ-মাতৃৰ দুয়োজন এজন বিদেশী হ’লেও তেওঁলোকৰ সন্তান ভাৰতীয় হ’ব বুলি ঘোষণা কৰিছিল।” কি মাৰাত্মক ভুল তথ্য এইটো! কি উল্টা-পুল্টা! ১৯৯২ চনৰ সংশোধনীত আছে বুলি কোৱা এই কথাখিনি দৰাচলতে আছে অতলবিহাৰী বাজপেয়ীৰ বিজেপি চৰকাৰৰ দিনত হোৱা ২০০৩ চনৰ সংশোধনীতহে। যেনিবা ‘অবৈধ বিদেশী’ৰ ঠাইত হ’ব লাগে ‘অবৈধ অনুপ্ৰবেশকাৰী।’ ১৯৯২ চনৰ সংশোধনী মতে ভাৰতৰ বাহিৰত জন্মা লোক এজনো ভাৰতীয় হ’ব যদিহে তেওঁৰ পিতৃ-মাতৃৰ কোনোবা এজনো ভাৰতীয় হয়। ক’ৰ কথা আনি ক’ত লগাই দিছে গোহাৰিখনে!

Citizenship Propaganda_2
আলোচ্য প্ৰচাৰ পত্ৰখনৰ প্ৰতিলিপি (দ্বিতীয় অংশ)।

আকৌ কৈছে, “অৱশেষত ২০০৩ চনত প্ৰধান মন্ত্ৰী মাননীয় অতলবিহাৰী বাজপেয়ীদেৱে নাগৰিকত্ব আইনৰ সংশোধন কৰি বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছিল।“ ওপৰত আমি কৈ আহিলোঁৱেই যে গোহাৰিখনে কংগ্ৰেছে ১৯৯২ চনত কৰা বুলি কোৱা সংশোধনীটো আচলতে বাজপেয়ীয়ে ২০০৩ চনত কৰা সংশোধনীহে।

তথ্যৰ এই সাংঘাতিক প্ৰমাদ বিদ্যায়তনিকভাৱেও ক্ষতিকৰ, বিজেপিৰ ভাবমূৰ্তিৰ বাবেও ক্ষতিকৰ। বিজেপিৰ দৰে সাৱধানী দল এটাই গুগল-সন্ধানেৰেই ভুল প্ৰতিপন্ন কৰিব পৰা তথ্য প্ৰচাৰ কৰিব বুলি ভাবিবলৈ টান। দলটোৱে নিজেই এই গোহাৰিখনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ভাল হ’ব।

 

শিৱজিত দত্ত

ইমেইলঃ [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd