NORTHEAST NOW (Assamese)

অসম আৰক্ষীত গুৰুত্বপূৰ্ণ সালসলনি : ৩৪জন বিষয়াৰ পদোন্নতি ৪জনক অৱনমিত

November 1, 2018 9:51 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

এটা গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে অসম আৰক্ষীত। এই ক্ষেত্ৰত ৩৪গৰাকী আৰক্ষী বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়াৰ বিপৰীতে ৪জন বিষয়াক পূৰ্বৰ পদৰ পৰ অৱনমিত কৰা হৈছে।

বৃহস্পতিবাৰে অসম চৰকাৰে এই গুৰুত্বপূৰ্ণ সালসলনি ঘটাইছে। এই জাননীটো গৃহ বিভাগৰ অতিৰিক্ত মুথ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

তামুলপুৰৰ মহকুমা আৰক্ষী বিষয়া মানৱেন্দ্ৰ গগৈক পদোন্নতিৰে ৫ম এপি বেটেলিয়নলৈ, জালুকবাৰীৰ এচিপি পনজীৎ দুৱাৰাক এডিচিপি (নিয়ন্ত্ৰণ কক্ষ) হিচাপে, ১০ম এপিবিএনৰ এচিছটেণ্ট কামাণ্ডেণ্ট গায়ত্ৰী সোণোৱালক ১০ম এপিবিএনৰ ২ আই/চি হিচাপে পদোন্নতি দিয়া হৈছে।

এইদৰে পদোন্নতি লাভ কৰা বিষয়াসকৰ মাজত আছে অলিন্দিতা গগৈ, দেৱজীৎ নথ, পাৰ্থনা বিজয় দত্ত, মুনীন্দ্ৰ নাথ দেউৰী ইত্যাদি।

Related News