• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰি : ৰাজ্যিক মহিলা আয়োগত দাখিল হোৱা নাই অভিযোগ

Anirban Pathak অনির্বাণ পাঠক
গুৱাহাটী , November 1, 2018 9:28 pm

2 min read

Rajen-Gohain-768x489

কেন্ত্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

275
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰূদ্ধে উত্থাপিত মহিলাক যৌন নিৰ্যাতনৰ অভিযোগক লৈ ৰাজ্যত ব্যাপক চৰ্চা অব্যাহত আছে। এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে।

কিন্তু তৎসত্বেও চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে এই ঘটনাৰ তদন্তৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শাসকীয় দলৰ প্ৰভাৱশালী মন্ত্ৰী হোৱা হেতুকেই এই অভিযোগ এৰাই চলা বুলিও চৰ্চিত হৈছে।

গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগেও অৱলম্বন কৰি আছে সম্পূৰ্ণ নিৰৱতা। এই অভিযোগ বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

শইকীয়াই কয়, ‘’আমাৰ ৰাজ্যৰ মহিলা আয়োগে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ৰাজ্যিক বিজেপিয়েও কোনো মতামত আগবঢ়োৱা নাই। তাৰ বিপৰীতে এক বোকা চটিওৱা ৰাজনীতি চলাই থকা দেখা গৈছে। কিন্তু এনেদৰে প্ৰকৃত সত্য প্ৰকাশ নাপায়। গতিকে ৰাজ্যিক মহিলা আয়োগে এই ঘটনাৰ তদন্তৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াব লাগে।’’

শইকীয়াই এই ঘটনাৰ এক ন্যায়িক তদন্ত হ’ব লাগে বুলি কোৱাৰ লগতে এইক্ষেত্ৰত মহিলা আয়োগে আগভাগ ল’ব লাগে বুলিও মন্তব্য কৰে।

কিন্তু এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ লগত যোগাযোগ কৰাত আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰে কয়, ‘’আমি এতিয়ালৈ কাৰো পৰাই এই ঘটনাৰ অভিযোগ লাভ কৰা নাই। গতিকে কোনো অভিযোগ নোপাৱাকৈ আমি নিজে এইক্ষেত্ৰত আগবাঢ়িব নোৱাৰো। কোনোবাই যদি আমাৰ ওচৰত অভিযোগ দাখিল কৰে তেতিয়া বিষয়টো নিশ্চয়কৈ বিবেচনা কৰা হ’ব।’’

মনকৰিবলগীয়া যে, এই ঘটনাৰ পাছত মন্ত্ৰী গোঁহাইৰ বিৰুদ্ধে নিৰ্য্যাতিতা মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে গোচৰ তৰিছিল যদিও মন্ত্ৰীজনৰ মানুহৰ ভয়-ভাবুকিত গোচৰটো উঠাই লৈছিল বুলি বিভিন্নজনৰ বক্তব্যত প্ৰকাশ পাইছিল।

ইপিনে, শেহতীয়াভাৱে মহিলাগৰাকীৰ স্বামীয়ে মন্ত্ৰীজনৰ বিৰুদ্ধে পুনৰ গোচৰ চলাই যাম বুলি ঘোষণা কৰাৰ পাছতে স্থানীয় লোকে ৩০ অক্টোবৰত নিৰ্য্যাতিতাৰ ঘৰ ঘেৰাও কৰিছিল। আনকি মহিলাগৰাকীৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ লগতে অহা ১০ দিনৰ ভিতৰত স্বামী-স্ত্ৰীক উক্ত গাঁও ত্যাগ কৰাৰো দাবী জনায়।

মহিলাগৰাকীৰ লগতে পৰিয়ালটোৰ ক্ষেত্ৰত এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়ত এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দল-সংগঠন সমুহে ৰাজ্যিক মহিলা আয়োগৰ কাষ চপাৰো নিশ্চয়কৈ প্ৰয়োজন আছিল।

এই বিষয়ত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাৰ লগত যোগাযোগ কৰাত তেওঁ কয়, ‘’আমি এই কথাটো চিন্তা কৰিছো। কাইলৈ আমি কেইবাটাও সংগঠনে ৰাজ্যিক মহিলা আয়োগত এক অভিযোগ দাখিল কৰিম।‘’

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বৰ্তমানলৈ আগনবঢ়াৰ বিপৰীতে মহিলা আয়োগত অভিযোগ দাখিল হ’লে এইবাৰ তদন্তই কি ৰূপ লয় সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd