গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচগৰাকী লোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা গোচৰৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে। শিৱসাগৰৰ ফুলপানীচিগাত আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰোঁতে সংঘটিত হোৱা গুলীয়াগুলীত অভিযুক্তজন গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু ঘটে। আনহাতে, এই সংঘৰ্ষত এগৰাকী আৰক্ষী বিষয়াও আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, আন এটা গোচৰৰ তদন্তৰ বাবে শিৱসাগৰ আৰক্ষীয়ে ঘনকান্ত গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ থানালৈ লৈ গৈ আছিল। যাত্ৰাপথত ফুলপানীচিগা অঞ্চলত অভিযুক্তজনে সুযোগ বুজি আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পৰা পিষ্টল কাঢ়ি লয় আৰু আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰি পলায়নৰ অপচেষ্টা চলায়। এই আক্ৰমণত উপ-পৰিদৰ্শক শৰ্মাৰ ভৰিত গুলী লাগে। ইয়াৰ উপৰি আৰক্ষীৰ বাহনখনতো তিনিজাঁই গুলী লাগে, যাৰে দুটা গুলী বাহনখনৰ পিছফালৰ দুৱাৰ আৰু বাম্পাৰত আঘাত কৰে।
সূত্ৰ অনুসৰি, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু নিজৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত আৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰত গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা ঘনকান্তক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়। ইফালে, আহত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মাকো লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শিৱসাগৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, বৰ্তমান আৰক্ষী বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে।
ঘটনাৰ পাছতে সমগ্ৰ ফুলপানীচিগা অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৰ্তমান ঘটনাস্থলীত বেৰিকেড স্থাপন কৰি শীৰ্ষ আৰক্ষী বিষয়াৰ তদাৰকত তদন্ত আৰম্ভ কৰা হৈছে। লগতে, ঘটনাৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি সন্দৰ্ভত বিতং তথ্য সংগ্ৰহৰ বাবে আৰক্ষীৰ এটা ফৰেনছিক বিশেষজ্ঞৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ পৰীক্ষা-নিৰীক্ষা চলাইছে বুলি জানিব পৰা গৈছে।





