নিট প্ৰশ্নকাকত ফাদিল আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত হোৱা আন্দোলনক সমৰ্থন জনাই চৰ্চা লৈ অহা পৰিৱেশ কৰ্মী তথা সমাজকৰ্মী সোনম ৱাংচুকৰ ‘ডেজাৰ্ট ফ্লাৱাৰ স্কুল’ বন্ধ কৰাৰ নিৰ্দেশ দিছে লাডাখ প্ৰশাসনে। প্ৰয়োজনীয় অনুমোদন নোহোৱাকৈ বিদ্যালয়খনত পাঠদান আৰম্ভ কৰাৰ অভিযোগত কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে। মঙলবাৰে লেহৰ মহকুমাধিপতিয়ে ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ, লাডাখ’ৰ প্ৰতিষ্ঠাপক-সঞ্চালক তথা ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোলৈ এই জাননী প্ৰেৰণ কৰে।
জাননীখনত স্পষ্ট কৰি দিয়া হৈছে যে, জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা ভূমি বিবাদৰ গোচৰত প্ৰভাৱ পেলাব পৰা কোনো ধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰিব নালাগে। প্ৰশাসনৰ দাবী অনুসৰি, যোৱা ২২ ছেপ্টেম্বৰত আংমোৱে লেহৰ উপায়ুক্তলৈ পত্ৰ লিখি বিদ্যালয়খনৰ প্ৰস্তাৱিত পৰিচালনা সমিতিৰ সদস্যসকলৰ বাবে এখন আপত্তিবিহীন প্ৰমাণপত্ৰ বিচাৰিছিল। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সেই প্ৰমাণপত্ৰ লাভ কৰাৰ পূৰ্বেই বিদ্যালয়খনত নিয়মীয়া পাঠদান আৰম্ভ কৰি দিয়া হয়। সেয়েহে, আদালতৰ চূড়ান্ত নিৰ্দেশ নহালৈকে বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিবলৈ জাননীখনত নিৰ্দেশ দিছে।
উল্লেখ্য যে, ২০১৮ চনত লাডাখ প্ৰশাসনে ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ, লাডাখ’ক ফিয়াং থাং অঞ্চলত এখন বিশ্ববিদ্যালয়ৰ চৌহদ গঢ়ি তোলাৰ বাবে ১,০৭৬ কানাল মাটি ৪০ বছৰৰ লীজত আৱণ্টন দিছিল। কিন্তু ২০২৫ চনত প্ৰশাসনে এই আৱণ্টন বাতিল কৰে। প্ৰশাসনৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সোনম ৱাংচুকৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত এখন ৰিট আৱেদন দাখিল কৰা হৈছিল, যিটো গোচৰ বৰ্তমানো বিচাৰাধীন অৱস্থাত আছে।





