অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ‘এক্স’ (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ঘোষণা কৰিছে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ২০৮ বলবৎ কৰিবলৈ সেউজ সংকেত দিছে।
মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত আগবঢ়াই নিবলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ২০৮ অনুসৰি যদি ভাৰতৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ অনুমোদন অবিহনে গোচৰটো আদালতে গ্ৰহণ কৰিব নোৱাৰে।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে, “এই অনুমোদন সেইবাবেই এক গুৰুত্বপূৰ্ণ আইনী পদক্ষেপ, যাৰ ফলত আমি এই গোচৰটোৰ বিচাৰৰ বাবে দৃঢ়তাৰে আৰু আইনসন্মতভাৱে চাৰ্জশ্বিট দাখিল কৰি আগবাঢ়ি যাব পাৰিম।”
ডঃ শৰ্মাই দৃঢ়তাৰে কয়, “আমি অভিযুক্তসকলৰ বিৰুদ্ধে ২০২৫ চনৰ ১০ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”





