• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাত অখিল গগৈয়ে উত্থাপন কৰিলে অসম গুণগত শিক্ষা বিধেয়ক, ২০২৪

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 23, 2024 8:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে “দ্য আসাম কোৱালিটি এডুকেশ্বন বিল, ২০২৪” উত্থাপন কৰে। বেচৰকাৰী সদস্য বিধেয়ক হিচাপে বিধায়ক গগৈয়ে এই বিধেয়ক উত্থাপন কৰে। 

গুণগত শিক্ষাৰ প্রস্তাৱেৰে উত্থাপন কৰা হয় এই বিধেয়কখন। বিধেয়কখনৰ প্রধান বৈশিষ্ট্যটো হ’ল আনন্দ আৰু সৃষ্টিশীলতাৰ মাজেদি শিক্ষা প্রদানৰ প্রস্তাৱ। বিধেয়কখনে মূলতঃ অসমৰ শিক্ষা জগতত চলি থকা মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ প্রস্তাৱ উত্থাপন কৰিছে। 

Apply Now

শিক্ষা প্রদান কৰিলেই নহ’ব, সেই শিক্ষা গুণগত শিক্ষাও হ’ব লাগিব। সুস্থ পৰিৱেশ, উন্নত

আন্তঃগাঁথনি, প্রশিক্ষিত শিক্ষক, মাতৃভাষাত শিক্ষা প্রদান আৰু চাপমুক্ত পৰিৱেশত শিক্ষক তথা ছাত্ৰৰ বাবে শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো বিধেয়কখনৰ প্রধান উদ্দেশ্য। 

বিধেয়কখনৰ ৩ নং ধাৰাত কোৱা হৈছে যে এই আইন গৃহীত হোৱাৰ ১ বছৰৰ ভিতৰত সকলো বিদ্যালয়ত গুণগত শিক্ষা প্রদানৰ বাবে এটি শিক্ষানীতি গ্ৰহণ আৰু কাৰ্যকৰী কৰা হ’ব। 

৪ নং ধাৰাত কোৱা হৈছে যে এই বিধেয়ক আইনত পৰিণত হোৱাৰ ছয়মাহৰ ভিতৰত এখন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা, প্রধান শিক্ষকক বাদ দি, বিদ্যালয়ৰ শ্ৰেণীৰ সংখ্যাতকৈ কম নহ’ব। মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ সংখ্যা, প্রধান শিক্ষকক বাদ দি, বিদ্যালয়খনত থকা বিষয় বিলাকৰ সংখ্যাতকৈ কম নহ’ব। ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ সংখ্যা সকলো ষ্টীমৰে প্রতিটো বিষয়ৰ বিশেষজ্ঞ শিক্ষক নিযুক্তি দিব। আনহাতে প্রাথমিক শিক্ষা, মাধ্যমিক শিক্ষাত উপযুক্ত পৰিমাণৰ হিন্দী শিক্ষক নিয়োগ কৰা হ’ব বুলিও প্রস্তাৱ কৰা হৈছে। 

৫ নং ধাৰাত কোৱা হৈছে যে প্রতিখন বিদ্যালয়ৰ উৎসৰ্গীকৃত শিক্ষাদান আৰু সুন্দৰ শৈক্ষিক বাতাবৰণৰ স্বাৰ্থত, চৰকাৰে জাননীৰ জৰিয়তে, বিদ্যালয়ৰ শিক্ষকক শৈক্ষিক কাম-কাজ আৰু মিড ডে মিলৰ লগত জড়িত কামৰ বাহিৰে অন্য কোনো অনা শৈক্ষিক কামত নিয়োগ নকৰিব। দহ বছৰ বা ততোধিক সময় অভিজ্ঞ মহিলা শিক্ষকক যাৰ ১৪ বছৰতকৈ কম বয়সৰ সন্তান আছে, অথবা ৮ বছৰতকৈ বেছিদিন অতি ভিতৰুৱা অঞ্চলত কাম কৰিছে তেওঁলোকক নিজৰ ঘৰুৱা জিলালৈ ট্ৰেন্সফচাৰ কৰিব।

ৰাজ্য চৰকাৰে অসমৰ সকলো শিক্ষককে নিয়মীয়াকৈ Scale Promotion দিব আৰু ৰাজ্য চৰকাৰে প্রতিখন বিদ্যালয় নিয়মীয়াকৈ বাধ্যতামূলক পৰিদৰ্শনৰ ব্যৱস্থা কৰাব। শিক্ষকসকলক নিয়মীয়াকৈ প্ৰশিক্ষণ দি গুণগত আৰু বিশ্বৰ শেহতীয়া জ্ঞান সমৃদ্ধ শিক্ষা প্রদান কৰিব পৰাকৈ উপযুক্ত কৰি গঢ়ি তোলা হ’ব। 

বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা বেচৰকাৰী সদস্যৰ বিধেয়কখনত কোৱা হৈছে যে এই বিধেয়ক আইনত পৰিণত হোৱাৰ পাছত অসমত সকলো প্রাথমিক বিদ্যালয়ত এটা হল বা প্ৰেক্ষাগৃহৰ ভিতৰত আটাইবোৰ শ্ৰেণী বহোৱাৰ ব্যৱস্থাৰ অৱলুপ্তি কৰি প্রতিটো শ্ৰেণীৰ বাবে একোটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব। লগতে প্রাথমিক শিক্ষাত প্রধান শিক্ষকৰ বাবে পৃথক কোঠা আৰু শিক্ষকৰ জিৰণি কোঠা পৃথককৈ থাকিব। 

বিধেয়কখনত কোৱা হৈছে- এই আইন গৃহীত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে নিশ্চিত কৰিব যে –

(ক) সকলো বিদ্যালয়তে সুস্থ আৰু আনন্দৰ পৰিৱেশ থাকিব।

(খ) প্ৰতিখন বিদ্যালয়ে উপযুক্ত শিক্ষাৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ বাবে পুঁজি যোগান ধৰিব।

(গ) টয়লেট, বিশুদ্ধ খোৱাপানী, চাফ-চিকুণ আৰু আকৰ্ষণীয় মুকলি ঠাই, লাইবেৰী, খেল-ধেমালিৰ সামগ্ৰী আৰু আনন্দৰ বাবেপ্রয়োজনীয় অন্যান্য সম্পদ যোগান ধৰিব, যাতে সুন্দৰ শিক্ষাৰ পৰিৱেশ এটা প্রতিজন চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে।

(ঘ) ছাত্ৰীৰ বাবে উপযুক্ত টয়লেট আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী।

(৬) প্রতিখন বিদ্যালয়ত মানসিক স্বাস্থ্যৰ সু-পৰামৰ্শৰ ব্যৱস্থা থাকিব।

(৭) প্ৰতিখন বিদ্যালয়ত স্মাৰ্ট ক্লাছ থাকিব।

(৮) শিক্ষা অংশগ্ৰহণমূলক আৰু আকৰ্ষণীয় হ’ব।

বিধেয়কখনৰ ৭ নং ধাৰাত সকলো বিদ্যালয়ৰ খালী শিক্ষকৰ পদ পূৰণ কৰিব বুলি প্রস্তাৱ কৰা হৈছে।

বিধেয়কখনত ৮ নং ধাৰাত শিক্ষাৰ মাধ্যম সম্পৰ্কে অতি স্পষ্টকৈ উল্লেখ কৰা হৈছে। সেই অনুসৰি কোৱা হৈছে – আন যিকোনো আইনত যি কথাই নাথাকক লাগিলে, দশম শ্রেণী পৰ্যন্ত শিক্ষাৰ মাধ্যম হ’ব ঘৰুৱা ভাষা/মাতৃভাষা/স্থানীয় ভাষা/আঞ্চলিক ভাষা। লগতে ইংৰাজী ভাষাৰ লিখা আৰু কথোপকথনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হ’ব। শিক্ষা দ্বিভাষিক বা বহু ভাষিক হ’ব। 

ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা শিকাত গুৰুত্ব আৰোপ কৰা হ’ব। ৰাজ্য চৰকাৰে আনন্দৰে আৰু নতুন নতুন আৱিষ্কাৰৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব এই কথাটোত গুৰুত্ব প্রদান কৰা হৈছে। 

বিধেয়কখনৰ শেষত কোৱা হৈছে যে ৰাজ্য চৰকাৰে গেজেট নটিফিকেচনৰ জৰিয়তে এই আইন কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগে বিধায়ক অখিল গগৈয়ে আজি বিধানসভাত “দ্য আসাম কোৱালিটি এডুকেশ্বন বিল, ২০২৪” উত্থাপনৰ বাবে সদনৰ অনুমতি বিচাৰে । সদনৰ অনুমতি লাভ কৰি বিধায়ক গগৈয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশ অনুসৰি বিধেয়কখন আজি বিধানসভাত উথাপন কৰে। 

অধ্যক্ষ বিশ্বজিৎ দেমাৰীয়ে বিধেয়কখন বিধানসভাৰ পৰৱৰ্তী এটা দিনত আলোচনাৰ বাবে

উথতাপন কৰা হ’ব বুলি ঘোষণা কৰে আৰু অসম বিধানসভাৰ বিধায়কসকলক এই বিধেয়কখনৰ ওপৰত সংশোধনী প্রস্তাৱ আনিবলৈ আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd